Monday, June 19, 2017

মানুহ দেখিলো (২)

ঘৰৰ সমুখৰ পথটোত আঁঠুৰ ওপৰলৈকে পানী। চোতালখনো ডুবু ডুবু। অফিচৰ পৰা সোনকালে ওলাই শ্ৰীমতীক তেওঁৰ কৰ্মস্থলীৰ পৰা আগবঢ়াই অনাৰ মানসেৰে আগবাঢ়ি গ'লো। চাৰিচকীয়া নাই। স্কুটাৰ এখন আছে যদিও ইমান পানীত উলিয়াব নোৱাৰি। এবাৰ মজা পাই থৈছো। কাজেই পেণ্ট-চেণ্ট কোচাই পানী ফালি ফালি আগবাঢ়িলো। শ্ৰীমতীক মূল পথত ৰৈ থাকিবলৈ কৈছো। ৰিক্সা এখন লৈ আহিব লাগিব তাৰ পৰা, মনতে ভাবিলো। পিছে পাওঁ নে নাপাওঁ তাৰহে নিশ্চয়তা নাই।

এনেকুৱা পৰিস্থিতিত ৰিক্সাৰ কদৰ বাঢ়ে। গাড়ী-গুড়াৰ ইঞ্জিনত পানী সোমাই আদবাটতে অচল হোৱাৰ ভয় থাকে। ৰিক্সাৰ সেই ভয় নাই। কেনেবাকৈ চেইন পৰিলেও পানীৰ তলতে সেইডাল তুলি লোৱাৰ কিটিপ চালকবোৰে ভালকৈ জানে। অৱশ্যে ভাৰাৰ পৰিমাণটো অলপ বেছি হয় এনে পৰিস্থিতিত। সেয়া স্বাভাৱিকো, যুক্তিসংগতো। এককাল পৰ্যন্ত পানীত ৰিক্সা থেলি থেলি, অত্যন্ত বিপদসংকুল অৱস্থাৰ মাজেৰে আপোনাক নিৰাপদে ঘৰৰ দুৱাৰডলি পোৱাই দিয়াৰ বিনিময়ত ৰিক্সাচালকগৰাকীৰ উচ্চ নিৰিখৰ ভাড়াৰ দাবী মানিবলৈ আপুনি একপ্ৰকাৰ বাধ্যই। অৱশ্যে মহানাগৰিকৰ বাবে এয়া পৰিচিত ছবি। অতিসম্প্ৰতি জনপ্ৰিয় হোৱা বহুজাতিক যাত্ৰী পৰিবহন সেৱা প্ৰদানকাৰী সংস্থা অ'লা-ওবেৰেও পৰিস্থিতিৰ সুযোগ লৈ যাত্ৰীৰ পৰা দুই-তিনিগুণ পৰ্যন্ত (2x, 3x) ভাড়া আদায় কৰে। অ'লা-ওবেৰৰ সেই 'হাই-প্ৰাইচ অফাৰ' নিৰ্বিবাদে মানি লোৱা সকলেও কিন্তু ৰিক্সাচালকে দাবী কৰা অতিৰিক্ত টকা কুৰিটা দিব লাগিলে মৰি যোৱা যেন পায়।

কথাবোৰ ভাবি উপপথটোৰে গৈ থাকোতেই এঘৰৰ পদূলিমুখত ৰিক্সা এখন ৰৈ থকা দেখা পাই আশাৰ ৰেঙনি দেখিলো। যা হওক, মানুহজনীক অন্ততঃ মহানগৰীৰ গেলা পানী নগচকোৱাকৈ ঘৰ পোৱাবগৈ পাৰিম। পিছে ৰিক্সাৰ ওচৰ পাই দেখিলো পৰিস্থিতি বিষম। ইমানপৰে মই ভাবি অহা কথাবোৰ বাস্তৱতে ঘটি আছে। ভাড়াক লৈ দুগৰাকী মহিলা আৰু ৰিক্সাচালকৰ দুৰ্বাদল কাজিয়া। অশ্ৰাব্য গালি-গালাজ। মহিলা দুগৰাকীয়ে ৰিক্সাচালকগৰাকীক চুই কিলাবলৈহে বাকী। জোখতকৈ এটকাও বেছি নিদিওঁ বুলি মুখেৰে ভোৰভোৰাই মহিলা দুগৰাকী ঘৰটোৰ গেট খুলি সোমাই গ'ল। নাচোৰবান্দা ৰিক্সাচালকেও গভীৰ অসন্তুষ্টি আৰু ক্ৰোধেৰে পদূলিমুখৰ পৰা লৰচৰ নকৰো বুলি ঘোষণা কৰিলে। মোকে ধৰি ৰিক্সাখনৰ ফালে উত্সাহেৰে আগুৱাই যোৱা আন দুই-এগৰাকী লোকেও হতাশাৰে ঘটনাটোৰ নিৰৱ-নিৰ্বিকাৰ দৰ্শক হৈয়ে ঘূৰিব লগা হ'ল।

বহু চেষ্টাৰ মূৰতো শ্ৰীমতীৰ বাবে ৰিক্সা এখন বিচাৰি নাপালো। অগত্যা ভৰিৰ সৰু গাঁথি তল যোৱা গেলা পানী খচকি তেৱোঁ পদব্ৰজেই ঘৰ পালেহি। ওপৰৰ আকাশখনৰ দৰেই মুখখন তেওঁৰো গোমা। বিজুলীৰ চিন চাব নোহোৱা দুই-এটা সৰু-সুৰা গাজনিও কাণত পৰিল। "নাথাকো এইখন গেলা ঠাইত। ৰাস্তা-পদূলি বোকাময় হ'লেও, গাড়ী-মটৰ নাথাকিলেও গাঁওখনেই বহুত ভাল ইয়াতকৈ। চাকৰি-তাকৰি বাদ দি গুচি যাম মই গাঁৱৰ ঘৰলৈ। থাকিবা তুমি অকলে অকলে।"...

আঠুলৈকে তিতা ভৰিখন ধোৱাৰ বাবে শ্ৰীমতীয়ে এশ আশী মিলিলিটাৰ ডেটলৰ বেছিভাগেই শেষ কৰিলে আৰু অৱশিষ্টখিনি মোৰ ভৰিতো ঢালি দিলে। গেলা পানীত থকা বীজাণু মাৰিব লাগিব। নহ'লে খৰ-খজুৱতিয়ে মানুহ মাৰিব।

বৰষুণজাক অলপ পাতলা যেন পাই গে'টখন খুলি ৰাষ্টাটোলৈ চকু ফুৰালো। পানী আগতকৈ অলপ বাঢ়িছেহে। পথ, নলা একাকাৰ। গাৰ্ড ৱালখনৰো এক ইঞ্চিমানহে ওলাই আছে। তাৰ ওপৰেদিয়েই বিপজ্জনকভাৱে মানুহবোৰে অহা-যোৱা কৰিছে। কাৰ্বুৰেটৰত পানী সোমাই ষ্টাৰ্ট বন্ধ হৈ যোৱা বাইক এখন থেলি থেলি আগবঢ়া যুৱক এজনৰ অৱস্থা দেখি হাঁহোনে কান্দো লাগিল। কাৰণ বাইকখনৰ ওপৰত দুই ভৰি তুলি যোৱা অত্যাধুনিক সাঁজ পৰিহিত যুৱতী এগৰাকীও আছিল। সেইফালে চাই থাকোঁতেই পানীত জপংকৈ কিবা পৰাৰ শব্দ শুনি পিছফালে ঘূৰি চালো। কি বা অঘটন ঘটিল!

ঘূৰি চাই দেখিলো এক চমত্কাৰ দৃশ্য। ডুবু ডুবু হৈ থকা গাৰ্ড ৱালখনৰ পৰা হাফ পেণ্ট পৰিহিত দুটা ল'ৰাই নদী হৈ থকা ৰাষ্টাটোলৈ জপিয়াইছে। উত্সাহেৰে সাঁতুৰিছে, বুৰ পাৰিছে, পানী চটিয়াই গা ধুইছে। সৰুতে কাকডোঙা নদীৰ বাঢ়নি পানীত আমি কৰা জলকেলিৰ দৰে। একেই শৈশৱ, একেই উত্সাহ। পাৰ্থক্য মাথো এটাই -- সেয়া আছিল বোঁৱতি নদীৰ নিৰ্মল পানী আৰু এয়া হৈছে গুৱাহাটীৰ নৰ্দমাৰ...

চেহেৰা আৰু মাত-কথাৰ গতি-গোত্ৰ দেখিয়েই বুজিবলৈ বাকী নৰ', লৰাহঁত ওচৰৰ হৰিজন কলনিৰ। অভিভাৱকসুলভ কৰ্তৃত্বৰে সিহঁতক ক'লো, "এই গেলা পানীত কিয় গা ধুইছা? জানানে কিমান ডাঙৰ ডাঙৰ বেমাৰৰ বীজাণু থাকে এই পানীত? চালত খজুৱতি হ', চুলি সৰি যাব, জ্বৰ-কাঁহ হ'ব। যোৱা আৰু ভালকৈ ডেটল চাবোনে গা-মূৰ ধুই পেলোৱাগৈ। মা-দেউতাই দেখিলে ভাল পিতন দিব। যোৱা সোনকালে।"

মোৰ কথা শুনি সিহঁতে কিছু সময় থৰ লাগি মুখলৈ চাই ৰ'ল। তাৰ পিছত হাঁহি হাঁহি ক'লে, "আংকল, আপ ভি অচ্চা মজাক কৰ লেতে হ'নাহানে চে বীমাৰী হৌতা হে ক্যা? হম তৌ হৰ ৰৌজ এইচে হি নাহাতে হেঁ... আপ ভি না!..."


কোনোবাই শুনিব বুলি চুপ-চাপ গেটখন জপাই ঘৰৰ ভিতৰত সোমাই থাকিলো। ভিতৰখন তেতিয়াও ডেটল ডেটল গোন্ধাই আছিল।

মানুহ দেখিলো (১)

কালি সন্ধিয়াৰ কথা। নামনিমুৱা ইণ্টাৰচিটি এক্সপ্ৰেছৰ অপেক্ষাত মৰিয়নি ৰেলৱে ষ্টেচনৰ যাত্ৰী জিৰণি কোঠাত বহি আছিলো। কোঠাটোৰ মজিয়াত অথালি-পথালিকৈ শুই আছিল তিনিটা শিশু। ভোকত নে দুঃখত নাজানো, মুখকেইখন শুকান। ষ্টেচনত সন্ধিয়াৰ ব্যস্ততা। অহা আহিছে, যোৱা গৈছে। প্লেটফৰ্ম এই এৰো এৰো হোৱা ট্ৰেইনখনৰ বাবে টিকট কাটিবলৈ উধাতু খাই অহা কোনোবাই হয়তু শিশুকেইটাৰ গাৰ ওপৰেদিয়েই দেই গৈছে। কাৰো সেইবোৰলৈ ভ্ৰুক্ষেপ নাই। মোৰো। জিৰণি কোঠাৰ চকী এখনত বহি হাতত মোবাইল, কাণত হেডফোন লৈ ভাৰত-দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট খেল চাই আছো। হঠাতে হাই-হিলৰ খৰতকীয়া খট খট শব্দ শুনি মোবাইলৰ স্ক্ৰীনৰ পৰা মূৰ তুলি চালো। এগৰাকী অনা অসমীয়া উচ্চাংগী যুৱতীয়ে শুই থকা শিশুকেইটাৰ কাষত একোটাকৈ বিস্কুটৰ পেকেট থৈ খৰখেদাকৈ আঁতৰি গল। ভগৱানৰ প্ৰসাদ এয়া। সাৰ পাই হাতৰ কাষত বিস্কুটৰ পেকেটটো দেখি হয়তু শিশুহঁতে এনেকৈয়ে ভাবিব। কথাটো ভাবোতেই আন এক কাণ্ড ঘটিল। মাকৰ লগত অহা একেধৰণৰ আন এটি ক্ষুধাতুৰ শিশুৱে শুই থকা লৰাটোৰ হাতৰ পৰা বিস্কুটৰ পেকেটটো তুলি লৈ থিতাতে ফালি আন এটি শিশুৰ লগত ভগাই খাই পেলালে। চকুৰ সমুখতে এটাৰ পিছত আনটোকৈ ঘটি যোৱা ঘটনাবোৰ কিবা চিনেমাৰ দৃশ্য যেনহে লাগিল। ক্ষুধা, অপুষ্টি, দাৰিদ্ৰতা, জনসংখ্যা আদি শব্দবোৰে মগজুৰ ভিতৰত পাকঘূৰণি খাব ধৰিলে। জিৰণি কোঠাত বহি থকা আন মানুহবোৰে বিষয়টোক লৈ বিভিন্ন মন্তব্য কৰিলে। কিন্তু অচিনাকি যুৱতীগৰাকীৰ দৰে, ওচৰে-পাজৰে ঘূৰি ফুৰা আন শিশুহঁতৰ হাততো কিবা এটা তুলি দিয়াৰ মহানুভতা দেখুৱাব পৰা মানুহ তাত আন কোনো নাছিল। বৰ বৰ কথা কোৱা আৰু সৰু সৰু কাম কৰা মানুহৰ মাজৰ পাৰ্থক্য চাগেএনেকুৱাই। নিজকে সুধিলো, মাথোঁ কথা কবলৈ এৰি সঁচাকৈ কাম কৰিব পৰাৰ পৰ্যায়লৈ মই নিজকে কেতিয়া উত্তৰণ ঘটাম?





দাপোনত নিজৰ মুখ (৪)

মই এজন খাটি অসমীয়া। লাচিত-চিলাৰায়ৰ দেশৰ বীৰ সন্তান মই। মোগলৰ সোতৰটাকৈ আক্ৰমণ প্ৰতিহত কৰাৰ, ব্ৰিটিছক বহু দিনলৈ বাধা দি ৰখাৰ গৌৰৱৰ অধিকাৰী মই। সেয়েহে মই কালৈকো কেৰেপ নকৰো।

অদৰকাৰী শাক-ভাত খোৱাজাতীয় কিছুমান কথাত লাগি থাকি মই আজিকালি খুব ভাল পাওঁ। কিন্তু জাতীয় জীৱনৰ ক্ষেত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়বোৰক মুঠেই গুৰুত্ব নিদিওঁ। কি লাভ হব সেইবোৰ চিৰিয়াচ কথা আলোচনা কৰি? সেইবোৰ কিবা মোৰ কাম নেকি? সেইবোৰৰ বাবে সুকীয়া মানুহ আছে নহয়।

মোৰ কাম হ'ল খোৱা, পিয়া আৰু ফূৰ্টি কৰা। বাৰ মাহত তেৰটা উত্সৱৰ আয়োজন কৰি, নাচি-বাগি ফূৰ্টি কৰি জীৱনটো উপভোগ কৰা। নিজৰ বাবে, পৰিয়ালটোৰ বাবে কিবা এটা কৰি ভাতমুঠিৰ যোগাৰ কৰা আৰু তাৰ পাছত তিনিআলিৰ মূৰত লগৰীয়াৰ লগত আড্ডা দিয়া। মদ খোৱা, পৰচৰ্চা কৰা, কোনোবাই জাতিটোৰ বাবে কিবা এটা কৰিব খুজিলে সমালোচনা কৰা, তেওঁৰ উদ্দেশ্যৰ ওপৰত সন্দেহ কৰা, সম্ভাব্য বিফলতাৰ ওপৰত ভৱিষ্যদ্বাণী কৰা আৰু পাকে-প্ৰকাৰে তেওঁক নিৰুত্সাহিত কৰা। কোনোবাই তেওঁৰ সমৰ্থনত এষাৰ মাতিলেও, জাতীয় জীৱনৰ গুৰুত্বপূৰ্ণ দিশবোৰ আলোচনালৈ আনিলেও তেওঁক ইতিকিং কৰা।

শেতেলী এৰাৰপৰা পুনৰ শেতেলীত পৰালৈকে অনবৰতে ঋণাত্মক চিন্তনকে খামুচি ধৰি থকাই মোৰ কাম। নিজেও একো নকৰা আৰু আনে কিবা কৰিব খুজিলেও গালি-শপনি পাৰি, ঠাট্টা-ইতিকিং কৰি বাধা দিয়াই মোৰ জীৱনৰ উদ্দেশ্য। নিৰাপদ দূৰত্বত থাকি, কাগজৰ গদা ঘুৰোৱা মোৰ প্ৰিয় চখ।

মই এটা অসমীয়া কেকোঁৰা। নিজেও নবগাওঁ, আনে প্ৰগতিশীল ধাৰণাৰ দেৱাল বগাই কিবা সুফল কঢ়িওৱাৰ চেষ্টা কৰিলেও টানি-আজুঁৰি তললৈ টানো। ধন্য মই। ধন্য মোৰ মানসিকতা। মোৰ দৰে চিন্তনৰ লোকক লৈয়েই আমাৰ জাতিয়ে এই প্ৰতিযোগিতামূলক বিশ্বত নিজক প্ৰতিষ্ঠিত কৰিব। অসমীয়া জাতি জগত সভালৈ যাব। 'অসম আকৌ উন্নতিৰ পথত জয় আই অসম বোল'....

বিচাৰ

দিনহাজিৰা কৰি পৰিয়াল পোহা কেহোঁৰাম কাইটিৰ সৰুজনী জীয়েক গাঁৱৰে এল পি স্কুলখনৰ মাষ্টৰ দিলিপ লয়িঙলৈ পলাই গ'ল। নামঘৰত গোট খোৱা ৰাইজে সিদ্ধান্ত ল'লেঃ "নাই নহ'ব। চব কথা এনেকৈ ঢিলাই দিলে সমাজৰ বান্ধোন ক'ত ৰ'? টেট মাষ্টৰ হ'লে কি হ', জাততো অজাতিয়েই। কেহোঁৰামে জীয়েকক মৰিল বুলি এৰি দিব লাগিব আৰু সেইখন ঘৰৰ লগত কোনো সম্পৰ্ক নাৰাখো বুলি শপত খাব লাগিব। নহ'লে জুই-পানী সঞ্চাৰ নোহোৱাকৈ কেহোঁৰামক এঘৰীয়া কৰা হ'ব। ৰাইজৰ কথা, শিলৰ ৰেখা। ইয়াৰ হীন-দেঢ়ি নহ'ব।"
পঞ্চায়তৰ সদস্য যোগেন মুক্তিয়াৰৰ ল'ৰাই চৰকাৰী ঘৰ দিয়াৰ টোপ দেখুৱাই ন-পাম চৰৰ বোৱাৰী এজনীৰ লগত লেটিপেটি কৰি ধৰা পৰাত লৈ আনিব লগা হ'ল। নামঘৰত বিচাৰ বহিল। গোট খোৱা ৰাইজে সিদ্ধান্ত ল'লেঃ "দিন-কাল সলনি হৈছে এতিয়া। সমাজৰ নিয়মবোৰ মানুহেহে বনোৱা। অনবৰতে সেইবোৰকে খামুচি থাকিলে সমাজখন থান-থান হৈ যাব। সৰু ল'ৰা, নাজানি ভুল কৰিলে। ভুলতো ভগৱানৰো হয় (শ্ৰীকৃষ্ণইও চোন...)সেইবুলিতো মুক্তিয়াৰৰ ল'ৰাক মৰিবলৈ এৰি দিব নোৱাৰি। ল'ৰা-বোৱাৰীহালে যথোচিত দণ্ড-খৰচা দি ৰাইজৰ কাষ চাপক। তাৰ পাছত বোৱাৰীক কুলত তুলি ভালকৈ বিয়াখন পাতি ৰাইজক এসাঁজ খুৱাওক। কথা ইমানেই।"

বজাৰ

"' মা, এই ডাঙৰ ডাঙৰ কলকেইটা বিকিবলৈ নিদিবি দেই দে'তাক। আমি ঘৰত খাম। ইমানবোৰ কল ঘৰতে থাকোতেও আমি খাবলৈ মেমেৰা-মেমুৰিবোৰহে থৱ। ভালবোৰ কেলৈ বিকি দিয়? টেকেলিবোৰ ভৰাৱ, দৈ খাবলৈ পাম বুলি আমি আশা কৰি থাকোতেই যায়। চব ভাল বস্তুবোৰ বিকিবহে জান তহঁতি।"

"আঔ এইজনীৰ মুখখন চলিছে চা। ভাল কলকেইআশি, দৈ টেকেলি কেইটা বেচিবলৈ নিনিলে বাপেৰে বজাৰ কৰিব ক'ৰ পৰা? পেক পেক কৰি নাথাকিবি, বাপেৰ ওলাবৰে হ'ল। বাহিৰা বহীখনে পেঞ্চিলডালে লৈ আনি লিষ্টখন পটাপট লিখ।"

"অথনিৰে পৰা ৰৈ আছো লিখিবলৈ। ক আকৌ বেগেতে। মোৰ জ্যামিতি বাকচ আৰু ভূগোলৰ বহী কথাটো কিন্তু এক নম্বৰতে লিখিছো দেই। দে'তাক কৈ দিবি।"

"পিঠি ফালিব বাপেৰে সেইবোৰ লিখিলে। দৰকাৰী বস্তুকেইটা আনিবলৈকে পইচাৰে জোৰে বা নোজোৰে! কাট সেইবোৰ। মোৰ মতে লিখি যা। এক নম্বৰতে লিখ মান ধপাত এশ গ্ৰাম। বান্দৰ বিড়ি তিনিমুঠা। পান এগুচি। তামোল..."