Monday, June 19, 2017

মানুহ দেখিলো (২)

ঘৰৰ সমুখৰ পথটোত আঁঠুৰ ওপৰলৈকে পানী। চোতালখনো ডুবু ডুবু। অফিচৰ পৰা সোনকালে ওলাই শ্ৰীমতীক তেওঁৰ কৰ্মস্থলীৰ পৰা আগবঢ়াই অনাৰ মানসেৰে আগবাঢ়ি গ'লো। চাৰিচকীয়া নাই। স্কুটাৰ এখন আছে যদিও ইমান পানীত উলিয়াব নোৱাৰি। এবাৰ মজা পাই থৈছো। কাজেই পেণ্ট-চেণ্ট কোচাই পানী ফালি ফালি আগবাঢ়িলো। শ্ৰীমতীক মূল পথত ৰৈ থাকিবলৈ কৈছো। ৰিক্সা এখন লৈ আহিব লাগিব তাৰ পৰা, মনতে ভাবিলো। পিছে পাওঁ নে নাপাওঁ তাৰহে নিশ্চয়তা নাই।

এনেকুৱা পৰিস্থিতিত ৰিক্সাৰ কদৰ বাঢ়ে। গাড়ী-গুড়াৰ ইঞ্জিনত পানী সোমাই আদবাটতে অচল হোৱাৰ ভয় থাকে। ৰিক্সাৰ সেই ভয় নাই। কেনেবাকৈ চেইন পৰিলেও পানীৰ তলতে সেইডাল তুলি লোৱাৰ কিটিপ চালকবোৰে ভালকৈ জানে। অৱশ্যে ভাৰাৰ পৰিমাণটো অলপ বেছি হয় এনে পৰিস্থিতিত। সেয়া স্বাভাৱিকো, যুক্তিসংগতো। এককাল পৰ্যন্ত পানীত ৰিক্সা থেলি থেলি, অত্যন্ত বিপদসংকুল অৱস্থাৰ মাজেৰে আপোনাক নিৰাপদে ঘৰৰ দুৱাৰডলি পোৱাই দিয়াৰ বিনিময়ত ৰিক্সাচালকগৰাকীৰ উচ্চ নিৰিখৰ ভাড়াৰ দাবী মানিবলৈ আপুনি একপ্ৰকাৰ বাধ্যই। অৱশ্যে মহানাগৰিকৰ বাবে এয়া পৰিচিত ছবি। অতিসম্প্ৰতি জনপ্ৰিয় হোৱা বহুজাতিক যাত্ৰী পৰিবহন সেৱা প্ৰদানকাৰী সংস্থা অ'লা-ওবেৰেও পৰিস্থিতিৰ সুযোগ লৈ যাত্ৰীৰ পৰা দুই-তিনিগুণ পৰ্যন্ত (2x, 3x) ভাড়া আদায় কৰে। অ'লা-ওবেৰৰ সেই 'হাই-প্ৰাইচ অফাৰ' নিৰ্বিবাদে মানি লোৱা সকলেও কিন্তু ৰিক্সাচালকে দাবী কৰা অতিৰিক্ত টকা কুৰিটা দিব লাগিলে মৰি যোৱা যেন পায়।

কথাবোৰ ভাবি উপপথটোৰে গৈ থাকোতেই এঘৰৰ পদূলিমুখত ৰিক্সা এখন ৰৈ থকা দেখা পাই আশাৰ ৰেঙনি দেখিলো। যা হওক, মানুহজনীক অন্ততঃ মহানগৰীৰ গেলা পানী নগচকোৱাকৈ ঘৰ পোৱাবগৈ পাৰিম। পিছে ৰিক্সাৰ ওচৰ পাই দেখিলো পৰিস্থিতি বিষম। ইমানপৰে মই ভাবি অহা কথাবোৰ বাস্তৱতে ঘটি আছে। ভাড়াক লৈ দুগৰাকী মহিলা আৰু ৰিক্সাচালকৰ দুৰ্বাদল কাজিয়া। অশ্ৰাব্য গালি-গালাজ। মহিলা দুগৰাকীয়ে ৰিক্সাচালকগৰাকীক চুই কিলাবলৈহে বাকী। জোখতকৈ এটকাও বেছি নিদিওঁ বুলি মুখেৰে ভোৰভোৰাই মহিলা দুগৰাকী ঘৰটোৰ গেট খুলি সোমাই গ'ল। নাচোৰবান্দা ৰিক্সাচালকেও গভীৰ অসন্তুষ্টি আৰু ক্ৰোধেৰে পদূলিমুখৰ পৰা লৰচৰ নকৰো বুলি ঘোষণা কৰিলে। মোকে ধৰি ৰিক্সাখনৰ ফালে উত্সাহেৰে আগুৱাই যোৱা আন দুই-এগৰাকী লোকেও হতাশাৰে ঘটনাটোৰ নিৰৱ-নিৰ্বিকাৰ দৰ্শক হৈয়ে ঘূৰিব লগা হ'ল।

বহু চেষ্টাৰ মূৰতো শ্ৰীমতীৰ বাবে ৰিক্সা এখন বিচাৰি নাপালো। অগত্যা ভৰিৰ সৰু গাঁথি তল যোৱা গেলা পানী খচকি তেৱোঁ পদব্ৰজেই ঘৰ পালেহি। ওপৰৰ আকাশখনৰ দৰেই মুখখন তেওঁৰো গোমা। বিজুলীৰ চিন চাব নোহোৱা দুই-এটা সৰু-সুৰা গাজনিও কাণত পৰিল। "নাথাকো এইখন গেলা ঠাইত। ৰাস্তা-পদূলি বোকাময় হ'লেও, গাড়ী-মটৰ নাথাকিলেও গাঁওখনেই বহুত ভাল ইয়াতকৈ। চাকৰি-তাকৰি বাদ দি গুচি যাম মই গাঁৱৰ ঘৰলৈ। থাকিবা তুমি অকলে অকলে।"...

আঠুলৈকে তিতা ভৰিখন ধোৱাৰ বাবে শ্ৰীমতীয়ে এশ আশী মিলিলিটাৰ ডেটলৰ বেছিভাগেই শেষ কৰিলে আৰু অৱশিষ্টখিনি মোৰ ভৰিতো ঢালি দিলে। গেলা পানীত থকা বীজাণু মাৰিব লাগিব। নহ'লে খৰ-খজুৱতিয়ে মানুহ মাৰিব।

বৰষুণজাক অলপ পাতলা যেন পাই গে'টখন খুলি ৰাষ্টাটোলৈ চকু ফুৰালো। পানী আগতকৈ অলপ বাঢ়িছেহে। পথ, নলা একাকাৰ। গাৰ্ড ৱালখনৰো এক ইঞ্চিমানহে ওলাই আছে। তাৰ ওপৰেদিয়েই বিপজ্জনকভাৱে মানুহবোৰে অহা-যোৱা কৰিছে। কাৰ্বুৰেটৰত পানী সোমাই ষ্টাৰ্ট বন্ধ হৈ যোৱা বাইক এখন থেলি থেলি আগবঢ়া যুৱক এজনৰ অৱস্থা দেখি হাঁহোনে কান্দো লাগিল। কাৰণ বাইকখনৰ ওপৰত দুই ভৰি তুলি যোৱা অত্যাধুনিক সাঁজ পৰিহিত যুৱতী এগৰাকীও আছিল। সেইফালে চাই থাকোঁতেই পানীত জপংকৈ কিবা পৰাৰ শব্দ শুনি পিছফালে ঘূৰি চালো। কি বা অঘটন ঘটিল!

ঘূৰি চাই দেখিলো এক চমত্কাৰ দৃশ্য। ডুবু ডুবু হৈ থকা গাৰ্ড ৱালখনৰ পৰা হাফ পেণ্ট পৰিহিত দুটা ল'ৰাই নদী হৈ থকা ৰাষ্টাটোলৈ জপিয়াইছে। উত্সাহেৰে সাঁতুৰিছে, বুৰ পাৰিছে, পানী চটিয়াই গা ধুইছে। সৰুতে কাকডোঙা নদীৰ বাঢ়নি পানীত আমি কৰা জলকেলিৰ দৰে। একেই শৈশৱ, একেই উত্সাহ। পাৰ্থক্য মাথো এটাই -- সেয়া আছিল বোঁৱতি নদীৰ নিৰ্মল পানী আৰু এয়া হৈছে গুৱাহাটীৰ নৰ্দমাৰ...

চেহেৰা আৰু মাত-কথাৰ গতি-গোত্ৰ দেখিয়েই বুজিবলৈ বাকী নৰ', লৰাহঁত ওচৰৰ হৰিজন কলনিৰ। অভিভাৱকসুলভ কৰ্তৃত্বৰে সিহঁতক ক'লো, "এই গেলা পানীত কিয় গা ধুইছা? জানানে কিমান ডাঙৰ ডাঙৰ বেমাৰৰ বীজাণু থাকে এই পানীত? চালত খজুৱতি হ', চুলি সৰি যাব, জ্বৰ-কাঁহ হ'ব। যোৱা আৰু ভালকৈ ডেটল চাবোনে গা-মূৰ ধুই পেলোৱাগৈ। মা-দেউতাই দেখিলে ভাল পিতন দিব। যোৱা সোনকালে।"

মোৰ কথা শুনি সিহঁতে কিছু সময় থৰ লাগি মুখলৈ চাই ৰ'ল। তাৰ পিছত হাঁহি হাঁহি ক'লে, "আংকল, আপ ভি অচ্চা মজাক কৰ লেতে হ'নাহানে চে বীমাৰী হৌতা হে ক্যা? হম তৌ হৰ ৰৌজ এইচে হি নাহাতে হেঁ... আপ ভি না!..."


কোনোবাই শুনিব বুলি চুপ-চাপ গেটখন জপাই ঘৰৰ ভিতৰত সোমাই থাকিলো। ভিতৰখন তেতিয়াও ডেটল ডেটল গোন্ধাই আছিল।

No comments:

Post a Comment