কালি সন্ধিয়াৰ কথা। নামনিমুৱা ইণ্টাৰচিটি এক্সপ্ৰেছৰ
অপেক্ষাত মৰিয়নি ৰে’লৱে
ষ্টেচনৰ যাত্ৰী জিৰণি কোঠাত বহি আছিলো। কোঠাটোৰ মজিয়াত অথালি-পথালিকৈ শুই আছিল
তিনিটা শিশু। ভোকত নে দুঃখত নাজানো, মুখকেইখন শুকান।
ষ্টেচনত সন্ধিয়াৰ ব্যস্ততা। অহা আহিছে, যোৱা গৈছে। প্লেটফৰ্ম
এই এৰো এৰো হোৱা ট্ৰেইনখনৰ বাবে টিকট কাটিবলৈ উধাতু খাই অহা কোনোবাই হয়তু
শিশুকেইটাৰ গাৰ ওপৰেদিয়েই দেই গৈছে। কাৰো সেইবোৰলৈ ভ্ৰুক্ষেপ নাই। মোৰো। জিৰণি
কোঠাৰ চকী এখনত বহি হাতত মোবাইল, কাণত হেডফোন লৈ
ভাৰত-দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট খেল চাই আছো। হঠাতে
হাই-হিলৰ খৰতকীয়া খট খট শব্দ শুনি মোবাইলৰ স্ক্ৰীনৰ পৰা মূৰ তুলি চালো। এগৰাকী অনা
অসমীয়া উচ্চাংগী যুৱতীয়ে শুই থকা শিশুকেইটাৰ কাষত একোটাকৈ বিস্কুটৰ পেকেট থৈ
খৰখেদাকৈ আঁতৰি গ’ল। ভগৱানৰ প্ৰসাদ এয়া। সাৰ
পাই হাতৰ কাষত বিস্কুটৰ পেকেটটো দেখি হয়তু শিশুহঁতে এনেকৈয়ে ভাবিব। কথাটো ভাবোতেই
আন এক কাণ্ড ঘটিল। মাকৰ লগত অহা একেধৰণৰ আন এটি ক্ষুধাতুৰ শিশুৱে শুই থকা ল’ৰাটোৰ
হাতৰ পৰা বিস্কুটৰ পেকেটটো তুলি লৈ থিতাতে ফালি আন এটি শিশুৰ লগত ভগাই খাই পেলালে।
চকুৰ সমুখতে এটাৰ পিছত আনটোকৈ ঘটি যোৱা ঘটনাবোৰ কিবা চিনেমাৰ দৃশ্য যেনহে লাগিল।
ক্ষুধা, অপুষ্টি, দাৰিদ্ৰতা, জনসংখ্যা
আদি শব্দবোৰে মগজুৰ ভিতৰত পাকঘূৰণি খাব ধৰিলে। জিৰণি কোঠাত বহি থকা আন মানুহবোৰে
বিষয়টোক লৈ বিভিন্ন মন্তব্য কৰিলে। কিন্তু অচিনাকি যুৱতীগৰাকীৰ দৰে, ওচৰে-পাজৰে
ঘূৰি ফুৰা আন শিশুহঁতৰ হাততো কিবা এটা তুলি দিয়াৰ মহানুভতা দেখুৱাব পৰা মানুহ তাত
আন কোনো নাছিল। বৰ বৰ কথা কোৱা আৰু সৰু সৰু কাম কৰা মানুহৰ মাজৰ পাৰ্থক্য চাগে’ এনেকুৱাই।
নিজকে সুধিলো,
মাথোঁ কথা ক’বলৈ এৰি সঁচাকৈ কাম কৰিব
পৰাৰ পৰ্যায়লৈ মই নিজকে কেতিয়া উত্তৰণ ঘটাম?
No comments:
Post a Comment