দিনহাজিৰা কৰি পৰিয়াল পোহা কেহোঁৰাম কাইটিৰ সৰুজনী জীয়েক
গাঁৱৰে এল পি স্কুলখনৰ মাষ্টৰ দিলিপ লয়িঙলৈ পলাই গ'ল।
নামঘৰত গোট খোৱা ৰাইজে সিদ্ধান্ত ল'লেঃ "নাই নহ'ব। চব কথা এনেকৈ ঢিলাই দিলে সমাজৰ বান্ধোন ক'ত ৰ'ব? টেট মাষ্টৰ হ'লে কি হ'ল, জাততো অজাতিয়েই।
কেহোঁৰামে জীয়েকক মৰিল বুলি এৰি দিব লাগিব আৰু সেইখন ঘৰৰ লগত কোনো সম্পৰ্ক নাৰাখো
বুলি শপত খাব লাগিব। নহ'লে জুই-পানী সঞ্চাৰ
নোহোৱাকৈ কেহোঁৰামক এঘৰীয়া কৰা হ'ব। ৰাইজৰ কথা, শিলৰ ৰেখা। ইয়াৰ হীন-দেঢ়ি নহ'ব।"
পঞ্চায়তৰ সদস্য যোগেন মুক্তিয়াৰৰ ল'ৰাই
চৰকাৰী ঘৰ দিয়াৰ টোপ দেখুৱাই ন-পাম চৰৰ বোৱাৰী এজনীৰ লগত লেটিপেটি কৰি ধৰা পৰাত লৈ
আনিব লগা হ'ল।
নামঘৰত বিচাৰ বহিল। গোট খোৱা ৰাইজে সিদ্ধান্ত ল'লেঃ
"দিন-কাল সলনি হৈছে এতিয়া। সমাজৰ নিয়মবোৰ মানুহেহে বনোৱা। অনবৰতে সেইবোৰকে
খামুচি থাকিলে সমাজখন থান-থান হৈ যাব। সৰু ল'ৰা, নাজানি
ভুল কৰিলে। ভুলতো ভগৱানৰো হয় (শ্ৰীকৃষ্ণইও চোন...)। সেইবুলিতো
মুক্তিয়াৰৰ ল'ৰাক
মৰিবলৈ এৰি দিব নোৱাৰি। ল'ৰা-বোৱাৰীহালে যথোচিত
দণ্ড-খৰচা দি ৰাইজৰ কাষ চাপক। তাৰ পাছত বোৱাৰীক কুলত তুলি ভালকৈ বিয়াখন পাতি ৰাইজক
এসাঁজ খুৱাওক। কথা ইমানেই।"
No comments:
Post a Comment