Wednesday, September 16, 2015

বান্ধোন

জীৱনদাৰ এজনীয়েই ছোৱালী, মামু। আগলৈ-পাছলৈ আৰু কোনো নাই। সেয়ে তাই মাক-দেউতাকৰ আলাসৰ লাড়ু। নয়নৰ মণি। ওকনিৰ ভয়ত মূৰত নোতোলে, পৰুৱাৰ ভয়ত মাটিতো ননমায়। তাই যি বিচাৰে পাবই লাগিব। কোনো পৰিস্থিতিতে তাইৰ চকুত চকুপানী বিৰিঙিব নোৱাৰিব। জীৱনদাৰ ষ্টেণ্ডিং ইণ্ষ্ট্ৰাকশ্যন। মাকৰতো কথাই নাই, ওচৰ-চুবুৰীয়াও এই ক্ষেত্ৰত অতি সচেতন। কেনেবাকৈ এইক্ষেত্ৰত আইন-শৃংখলা ভংগৰ খবৰ জীৱনদাৰ কাণত পৰিলে সৰ্বনাশ। দোভাগ ৰাতি মলুৱাৰ চুলাই ঘাটিৰপৰা আহি পোৱাৰ পিছত - হয় ৰঙামাটি, নহয় গুৱাহাটী।


সেইজনী মামুৱেই এদিন জিদ ধৰিলে, তাইক এটা ভাটৌ চৰাই লাগে। পুহিবলৈ। মোমায়েকৰ ঘৰলৈ যাওঁতে গাঁৱৰে এঘৰত দেখি অহা ভাটৌটোৰ দৰে তাইকো লাগে কথা কব পৰা এটা ভাটৌ। জীৱনদাই তত্ক্ষণাত জতকীয়া বাগানৰ চাংচোৱা বস্তিলৈ চাইকেলৰ পেডেল পকাই দিলে। মাংৰা ঘৰত নাই, কলম কটাৰ বতৰ, কামলৈ গৈছে। জীৱনদাই বাগানতে গৈ মাংৰাক লগ ধৰিলে। কলে, অতি সোনকালে ভাটৌ পোৱালি এটা লাগে। সিঁহতেতো ৰাতি ৰাতি বাগানৰ মাজৰ শিৰীষৰ ডাল কাটোতে ভাটৌৰ পোৱালি পায়েই, তাৰে এটা জীৱনদাক লাগে। অতি সোনকালে। পইচা যিমান লাগে, দিব। মলুৱাৰ মাইকীটোক সপ্তাহদিনৰ কাৰণে চুলাইৰ দামো এডভাণ্স দি যাব। জীৱনদাৰ চিধা কথা। 

কথা মতেই কাম। দুদিনমানৰ পাছতে এদিন ৰাতিপুৱা মাংৰা আহি জীৱনদাৰ ঘৰত হাজিৰ। হাতত এটা চৰাইৰ পোৱালি, চিঁচিয়াই আছে। ভাটৌ নাপালে, চুতীয়া শালিকাৰহে পোৱালি সেইটো। হবনে? ব দে, নাই মোমাইতকৈ কণা মোমায়ে ভাল। কেতিয়াবা কেতিয়াবা ভাটৌতকৈ চুতীয়া শালিকাই সোনকালেহে মাত লয়। বন্দৱস্তিমতেই দা-দক্ষিণা লৈ মাংৰা ঘৰমুৱা হল। 

মামুক এতিয়া পাই কোনে? পুৱাৰপৰা ৰাতিলৈকে চৰাইটোৰ লগতে লাগি থাকে। প্ৰথম দিনাতো স্কুললৈও নগল। তাই চৰাইটোৰ নাম থৈছে ভকতিউৰি যাব নোৱাৰাকৈ জীৱনদাই ভকতিৰ পাখিবোৰ চুটিকৈ কাটি দিলে। পদৰামৰ বাপেকৰ হতুৱাই সজা এটাও বনাই আনিলে। নিজে ভোকত থাকিলেও ভকতিক সময়মতে চাউল আৰু পানী দিবলৈ মামুৱে কেতিয়াও নাপাহৰিলে। কম দিনৰ ভিতৰতে ভকতি হৈ পৰিল মামুৰ অত্যন্তু বিশ্বস্ত সহচৰ। 

ভকতিয়ে এদিন মাত ললে। মামু, অ মামু, দেতা, কত গলি”, মা, ভাত দে”  আদি কথাবোৰ সলসলাই ফুটিবলৈ ললে ভকতিৰ মুখত। ঘৰত মানুহ নাই, আলহী আহিছে- এনেধৰণৰ কথাবোৰ শুনিবলৈ মামুৰ লগৰবোৰো ঘনাই যোৱা হল সিহঁতৰ ঘৰলৈ। মুঠতে ভকতি হৈ পৰিল মামুহঁতৰ ঘৰৰ চতুৰ্থজন সদস্য। 

মামুহঁতৰ বাবে ভকতি যেনেকুৱা, ৰাজীৱদাহঁতৰ বাবে আকৌ টমো তেনেকুৱা। টম ৰাজীৱদাহঁতৰ পোহনীয়া কুকুৰটোৰ নাম। নামটো বিলাতী হলেও টম থলুৱা সঁচৰেই, অৱশ্যে ৰাজীৱদাহঁতে তাক যেনেকৈহে ৰাখে, লোকেল ভতুৱা বুলি কবৰো সত নাযায়। সঁদাই এপেকেট এটকীয়া ক্লিনিক প্লাছ ছেম্পুৰে গা ধুৱায়, ডিঙিৰ ফিটাডালো চাফ-চিকুণকৈ ৰাখে। টম খোৱা-বোৱাতো চিকচাক, আনৰ ঘৰত সতকাই একো মুখত নিদিয়ে, তাৰ কাৰণে আছুতীয়াকৈ থোৱা কাঁহীখনত দিয়া ভাতহে সি খায়। অকল নিজা ঘৰখনৰ বাবেই নহয়, ওচৰ-চুবুৰীয়া কেইঘৰৰ লগতে ৰাজীৱদাৰ গেলামালৰ দোকানলৈ অহা নিয়মীয়া গ্ৰাহকবোৰৰ বাবেই টম অতি চিনাকি, অতি মৰমৰ। 

সেই টমৰ ওপৰতে এদিন এক ভয়াৱহ অভিযোগ উত্থাপিত হল। জীৱনদাৰ জীয়েক মামুৰ জীউটো সদৃশ ভকতি নামৰ চৰাই পোৱালিটোক এদিন সিহঁতৰ পাছফালৰ চোতালত মৃত অৱস্থাত পোৱা গল। সেইদিনা মামুহঁতৰ ঘৰত কোনো নাছিল, তাই স্কুললৈ গৈছিল, বাপেক গৈছিল টাউনলৈ আৰু মাকে খুৰীয়েকহঁতৰ ঘৰত তাঁত বৈ আছিল। স্কুলৰ পৰা আহি পোনেই মামুৱেই ভকতিৰ নিথৰ দেহ প্ৰত্যক্ষ কৰিলেহি।
 

মুহুৰ্ততে হুৱা-দুৱা লাগি গল। মামুৰতো কথাই নাই, মাক, খুৰীয়েক, খুৰীয়েকৰ জীয়েক আৰু টাউনৰ পৰা আহি পোৱাৰ পাছত জীৱনদাৰো চকু সেমেকি উঠিল। মামুক সান্ত্বনা দিবলৈ ওচৰ-চুবুৰীয়াই ভাষা বিচাৰি নোপোৱা অৱস্থাৰ উদ্ৰেক হল। সেইসময়তে বতাহত উৰি অহাদি খবৰ এটা আহি মামুহঁতৰ কাণত পৰিলহি, আজি দুপৰীয়া ৰাজীৱদাহঁতৰ টম নামৰ কুকুৰটোক জীৱনদাহঁতৰ ঘৰৰ পৰা ওলাই যোৱা দেখিছিল কোনো কোনোৱে। মামুহঁত, বিশেষকৈ জীৱনদা নিশ্চিত হল, হয়, এই হাৰামজাদা টমেই আমাৰ ভকতিক মাৰিলে।
 ভকতিৰ মৃতদেহ লগত লৈ মামু, মামুৰ মাক, জীৱনদা সকলো আহি ৰাজীৱদাহঁতৰ চোতালত ধৰ্ণা দিলেহি, হত্যাকাৰী টমক তেওঁলোকৰ হাতত গটাই দিব লাগে। ভকতি হত্যাৰ প্ৰতিশোধ লবই তেওঁলোকে।
 

ইফালে ৰাজীৱদাহঁতো নাচোৰবান্দা। তেওঁলোকৰ মৰমৰ টমে তেনেকুৱা নীচ কাম কৰিবই নোৱাৰে। টমৰ ওপৰত মিছা অভিযোগ অনা হৈছে। টম নিৰ্দোষ। 

পৰিস্থিতি ক্ৰমাত্ উত্তপ্ত হৈ উঠিল। গোটেই গাঁৱৰ মানুহ গোট খালে। ভকতি, টম দুয়োৰে হৈ ওকালতি কৰা মানুহ ওলাল। তাৰ মাজতে টমক জীৱনদাহঁতৰ ঘৰৰ পৰা ওলাই অহা দেখা মানুহো এজন ওলাল। এজনে আকৌ টমৰ মুখত চৰাইৰ পাখি এটাও লাগি থকা দেখিছিল বুলি জনালে। ৰাইজ পতিয়ন গল। টমেই সেই হত্যাকাৰী। তাক শাস্তি নিদিলে ভকতিৰ প্ৰতি ন্যায় কৰা নহব। সেয়ে টমে শাস্তি পাবই লাগিব। দফা ৩০২ৰ অধীনত তাৰ শাস্তি হব মৃত্যুদণ্ড। 

অনন্তদাৰ হাতত টমক তুলি দিয়া হল। লগত আৰু দুটা লৰা। তেওঁলোকক কোৱা হল, টমক নি হাবিৰ মাজৰ গছপুলি এটাত শিকলিডালেৰে বান্ধি থৈ আহিব লাগে। কুকুৰৰ গোন্ধ পাই বনৰজাই আহি এনেয়েও তাক খাই পেলাব। তেওঁলোকে তাকেই কৰিলে। টমক হাবিৰ মাজত এৰি অহা হল। 

দুটা নিৰ্বোধ জীৱৰ অকাল বিয়োগত দুঘৰ মানুহৰ উচুপনিৰ শব্দত গাঁৱৰ পৰিৱেশ জয়াল হৈ পৰিল। অকল তেওঁলোক দুঘৰৰে নহয়, গোটেই ঘটনাটো প্ৰত্যক্ষ কৰা আন কাৰো কাৰোবাৰ আখলতো সেই সন্ধিয়া জুই নজ্বলিল। আনদিনা ৰাতি দহ বজালৈকে মানুহেৰে গিজগিজাই থকা ৰাজীৱদাৰ দোকান ফুটগধূলিতে বন্ধ হল। মলুৱাৰ ভাটীৰ নিয়মীয়া কাষ্টমাৰ অনন্তদাই সেইদিনা এবটল চুলাই বেছিকৈ খালে। জীৱনদায়ো। কিন্তু শুই থকা গাঁওখনৰ নিস্তব্ধতা ভাঙি আনদিনাৰ দৰে তেওঁৰ মুখত সেইদিনা মন হীৰা দৈ, চাইকেল নহয় টিলিঙা শুনা নগল। সেমেকা কণ্ঠেৰে সেইদিনা ৰাতি তেওঁ বিৰবিৰাই আহিছিল – অথিৰ ধন জন, জীৱন যৌৱন, অথিৰ এহু সংসাৰ...