আকৌ এটা
গতানুগতিক ৰাতিপুৱা! আকৌ কালিৰ দৰেই মোৰ অফিচলৈ যোৱাৰ ব্যস্ততা।
আৰে!!
এয়াচোন ময়েই... আজিৰ বাতৰি-কাকতত মোৰ ফটোখন দেখি মই চিঞৰি উঠিলো।
কিন্তু মৃত্যুৰ বাতৰিৰ মাজত মোৰ ফটোখন কিয়??
আচৰিত...
এক
ছেকেণ্ড, মোক ভাবিবলৈ দিয়ক। মনত পৰিছে- যোৱাৰাতি শুবলৈ যোৱাৰ সময়ত মই বুকুত
প্ৰচণ্ড বিষ অনুভৱ কৰিছিলো, কিন্তু তাৰ পাছত মোৰ একো মনত নাই। মই চাগৈ গভীৰ টোপনিত
পৰিছিলো।
এতিয়া
ৰাতিপুৱা। আৰে.... দহচোন বাজিলেই, মোৰ চাহকাপ ক’ত?
তাৰমানে
আজিও মোৰ অফিচ গৈ পোৱা দেৰি হ’ব আৰু আকৌ এবাৰ ওপৰৱালাৰ গালি খাব লাগিব!
মানুহবোৰ
ক’ত...?? মই খঙত চিঞৰিলো।
মোৰ কোঠাৰ
বাহিৰতচোন বহুত মানুহৰ মাত শুনিছো, চাওঁচোন কোন কোন?
ইমানবোৰ
মানুহ!... সকলোৱে কন্দা নাই... কিন্তু তাৰে কিছুমানে কিয় ইমানকৈ কন্দা-কটা কৰিছে?...
এয়া কি??? সৌ তাত
মোকচোন মজিয়াত শুৱাই থোৱা হৈছে...
“কিন্তু, মই ইয়াতহে!”.... মই
চিঞৰিছো!!! কিন্তু কোনেও শুনা নাই।
“চোৱাহঁক, মই মৰা নাই”... মই
পুনৰবাৰ চিত্কাৰ কৰি উঠিছো!!! কিন্তু মোৰ কথালৈ কাৰো আগ্ৰহ নাই।
সকলোৱে
মজিয়াত শুৱাই থোৱা মইটোলৈহে চাই আছে। মই মোৰ শোৱনি কোঠালৈ ঘূৰি আহিলো।
“মই সঁচাকৈয়ে মৰিলোনেকি??” – নিজকে
সুধিলো।
মোৰ পত্নী
ক’ত? ক’ত মোৰ ল’ৰা-ছোৱালী, মোৰ মা-দেউতা, বন্ধুহঁত...??
মই
তেওঁলোকক কাষৰ কোঠাটোত দেখা পাইছো। সকলোৱে কান্দিছে। ইজনে আনজনক শান্ত কৰাৰ চেষ্টা
কৰিছে।
মোৰ পত্নী
কান্দোনত ভাগি পৰিছে। তেওঁক বৰ বিমৰ্ষ দেখা গৈছে।
ঘটনাটোনো
কি মোৰ কণমানি ল’ৰাটো এতিয়াও নিশ্চিত হ’ব পৰা
নাই, কিন্তু মাকক কন্দা দেখি সিও কান্দিবলৈ ধৰিছে।
মোৰ
কণমানিটোক মই কিমান ভাল পাওঁ আৰু তাৰ কিমান যত্ন লওঁ সেই কথা তাক নজনোৱাকৈ মই
কেনেকৈ যাওঁ?
মোৰ
পত্নীক এই কথা নোকোৱাকৈ মই কেনেকৈ যাব পাৰো যে তেৱেঁই হৈছে পৃথিৱীৰ আটাইতকৈ ধুনীয়া
আৰু সাদৰী পত্নী??
মা-দেউতাক
এই কথা নোকোৱাকৈ মই কেনেকৈ যাব পাৰো যে মই আজি যি হ’ব পাৰিছো,
সেয়া মাথোঁ তেওঁলোকৰ বাবেই???
কেনেকৈ
যাওঁ মই মোৰ বন্ধুহঁতক এই কথা নজনোৱাকৈ যে সিহঁত নথকা হ’লে হয়তো
জীৱনত বহুতো শুধৰাব নোৱৰা ভুল কৰি পেলালোহেঁতেন... মই বিচৰা সময়ত সদায় কাষত পোৱাৰ
বাবে সিহঁতক ধন্যবাদ নজনোৱাকৈ আৰু সিহঁতৰ প্ৰয়োজনত উপস্থিত হ’ব নোৱৰাৰ
বাবে ক্ষমা নোখোজাকৈ মই কেনেকৈ যাব পাৰোঁ?
কোঠাটোৰ
চুকত থিয় হৈ থকা মানুহ এজনে নিজৰ চকুলো লুকুৱাবলৈ চেষ্টা কৰা মই দেখিছো...
অহ!... তেওঁ
মোৰ এজন প্ৰিয়তম বন্ধু আছিল, কিন্তু সৰু এটা ভুল বুজাবুজিৰ অজুহাততে আমাৰ মাজত
মনোমালিন্য হৈছিল আৰু নিজৰ নিজৰ আত্মাভিমানৰ দোহাই দি আমি পৰস্পৰৰ পৰা আঁতৰি আছিলো।
মই তেওঁৰ
কাষলৈ গ’লো আৰু কৰমৰ্দনৰ বাবে মোৰ হাত এখন আগবঢ়াই দি ক’লো, “বন্ধু, হৈ
যোৱা সকলোবোৰৰ বাবে মই দুঃখিত, অনুগ্ৰহ কৰি মোক মাফ কৰিবা!”
সিপক্ষৰ
পৰা কোনো সঁহাৰি নাহিল! কিন্তু কিয়? মই
দুঃখিত বুলি কোৱাৰ পাছতো তেওঁ নিজৰ আত্ম-অভিমান বিসৰ্জন দিব পৰা নাইনে!!
এনেকুৱা
মানুহক সঁচাই মই ভাল নাপাওঁ।
কিন্তু, এক
ছেকেণ্ড... তেওঁ বোধহয় মোক দেখাই নাই!! মই আগবঢ়াই দিয়া হাতখনো চাগৈ তেওঁ দেখা্
পোৱা নাই!!!
হে
ভগৱান... মই তাৰমানে সঁচাকৈয়ে মৰিলো নেকি??
মই মোৰ
কাষতে বহি পৰিলো… মোৰ নিজৰো কান্দিবলৈ মন গ’ল...
“হে ভগৱান! কৃপা কৰি মোক আৰু কেইটামান দিন দিয়া...”
মই মাথোঁ
মোৰ পত্নী, মোৰ মা-দেউতা, মোৰ বন্ধুহঁতক এই কথা বুজাই যাব খোজোঁ যে মই তেওঁলোকক
কিমান ভাল পাওঁ...
মোৰ পত্নী
কোঠাটোলৈ সোমাই আহিল, বিমৰ্ষতাৰ মাজতো তেওঁক ধুনীয়া দেখাইছিল। “তুমি বৰ
ধুনীয়া”, মই চিঞৰি উঠিলো।
কিন্তু তেওঁ
মোৰ মাত নুশুনিলে! আচলতে এই কথাষাৰ তেওঁ কেতিয়াও শুনিয়েই নাপালে, কিয়নো কেতিয়াও
তেওঁক মোৰ এইকথা কোৱা নহ’ল!
“হে ঈশ্বৰ!!!” মই
কান্দি উঠিলো, “মাথোঁ আৰু অলপ সময় মোক দিয়া...”
মাথোঁ এটা
অতিৰিক্ত সুযোগ মোক দিয়া... মোৰ সন্তানটোক কোলাত তুলি ল’বলৈ, মোৰ
মাৰ মুখত মাথোঁ এবাৰৰ বাবে হাঁহি বিৰিঙাবলৈ, মোৰ দেউতাক মাথোঁ এটা মুহূৰ্তলৈ মোৰ
বাবে গৰ্বিত বোধ কৰাবলৈ, মই দিব নোৱৰাখিনিৰ বাবে মোৰ বন্ধুহঁতক ক্ষমা খুজিবলৈ আৰু
এতিয়াও মোৰ জীৱনত থকাৰ বাবে তেওঁলোকক ধন্যবাদ জনাবলৈ...
মই ওপৰলৈ
চাই কান্দোনত ভাগি পৰিলো!
মই
আৰ্তনাদ কৰি উঠিলো...
“দয়াময়! আৰু এটা মাত্ৰ সুযোগ মোক দিয়া!!”
পত্নীৰ হেঁচোকনিত
মই সাৰ পালো, “টোপনিতে তুমি চিঞৰি আছিলা। কিবা বেয়া সপোন দেখিছিলা নেকি?”
তাৰমানে
মই টোপনিতহে আছিলো!
অহ!...
সেইটো এটা
সপোনহে আছিল...
মোৰ পত্নী
মোৰ কাষতে আছে... তেওঁ এতিয়া মোৰ কথা শুনা পাব পাৰে... মোৰ জীৱনৰ এইটোৱেই আটাইতকৈ
সুন্দৰতম মুহূৰ্ত...
মই তেওঁক
সাবটি ধৰিলো আৰু কাণৰ কাষত গুণগুণাই কলো, “তুমিয়েই
বিশ্ব-ব্ৰহ্মাণ্ডৰ ভিতৰত আটাইতকৈ ধুনীয়া আৰু মৰমীয়াল পত্নী... মই তোমাক সঁচাকৈয়ে
বৰ ভাল পাওঁ, সোণ!”
মই বুজি
নাপালো কিয় তেওঁৰ মুখত হাঁহি ফুটি উঠিলেও দুচকু চলচলীয়া হৈ পৰিছে... তথাপিও মই
সুখী...
দ্বিতীয়টো
সুযোগৰ বাবে তোমাক অশেষ ধন্যবাদ, ভগৱান!
নাই,
এতিয়াও সময় ওকলি যোৱা নাই...
কথা দিলো –
আজিৰ পৰা মই অহংকাৰ পাহৰি যাম, অতীত পাহৰি যাম... আৰু মৰমবোৰ আনৰ মাজত বিলাই
দিম...
আজিৰ পৰা
মই সকলোৰে প্ৰতি বন্ধুভাবাপন্ন হ’ম, হাঁহিমুখীয়া হ’ম আৰু আনৰ
মুখতো হাঁহি বিৰিঙাম...
নিজৰ ভুলবোৰ শুধৰোৱাৰ বাবে জীৱনলৈ অহা এই দ্বিতীয়
সুযোগ মই কোনোপধ্যেই অথলে যাবলৈ নিদিম...
(ইণ্টাৰনেটত পঢ়া এটা
হৃদয়স্পৰ্শী অণুগল্পৰ অনূদিত ৰূপ)