Tuesday, April 29, 2014

হে জীৱন, তোমাক ধন্যবাদ! (ইণ্টাৰনেটত পঢ়া এটা অকণমানি সাধু)

ভিক্ষা খুজিবৰ বাবে ভৰিৰ কাষত টুপি এটা ওলোটাকৈ থৈ অন্ধ লৰা এজন অট্টালিকাটোৰ চিৰিত দুঃখমনেৰে বহি আছিল। মানুহে দেখাকৈ সি হাতত এখন কাগজ ওলোমাই লৈ আছিল আৰু তাত লিখা আছিল, মই অন্ধ, অনুগ্ৰহ কৰি মোক সহায় কৰক।


টুপিটোত মাথোঁ কেইটামানহে মুদ্ৰা গোট খাইছিল। সেই সময়তে কাষেৰে খোজ কাঢ়ি যোৱা মানুহ এজনে জেপৰ পৰা কেইটামান মুদ্ৰা উলিয়াই টুপিটোত থলে আৰু সি হাতত লৈ থকা কাগজটুকুৰালৈ লক্ষ্য কৰিলে। মানুহজনে কাগজটুকুৰা নিজৰ হাতত লৈ তাৰ ওলোটাফালে কিবা অলপ লিখিলে আৰু সেইখন লৰাটোৰ হাতত এইধৰণে গুজি দিলে যাতে এই নতুন লিখাখিনিহে কাষেৰে পাৰ হৈ যোৱা মানুহৰ চকুত পৰে।



টুপিটো সোনকালেই ভৰি আহিল। বহুসংখ্যক লোকে লৰাটোক সহায় কৰাৰ মানসেৰে টুপিটোত পইচা দি গল। কাগজখনত নতুন কথাখিনি লিখা মানুহজন আবেলি সময়ত আকৌ আহিল আৰু পৰিস্থিতি কিবা সলনি হৈছেনে নাই চাবলৈ অন্ধ লৰাজনৰ কাষ পালেহি। মানুহজনৰ খোজৰ শব্দতেই লৰাজনে তেওঁক চিনি পালে আৰু সুধিলে, ৰাতিপুৱা মোৰ হাতৰ কাগজখন সলনি কৰি যোৱা মানুহজন আপুনিয়েই নহয় জানো? আপুনি তাতনো কি লিখিছিল, মোক কবনে?”

মানুহজনে কলে, মই সঁচা কথাটোৱেই লিখিছিলো। তুমি কব খোজা কথাখিনিকেই মাত্ৰ মই অলপ বেলেগ ধৰণে কৈছিলো। মই লিখিছিলো – আজিৰ দিনটো এটা সুন্দৰ দিন কিন্তু মোৰ কি দুৰ্ভাগ্য যে মই ইয়াক দেখা নাপালো।



আপুনি ভাবেনে যে প্ৰথম আৰু দ্বিতীয় দুয়োখন কাগজতে লিখা কথাখিনিৰ অৰ্থ একেই আছিল?

নিশ্চিতভাৱে দুয়োখন কাগজেই মানুহক জনাইছিল যে লৰাজন অন্ধ আছিল।

প্ৰথমখন কাগজে পঢ়োতাক সাধাৰণভাৱে জানিবলৈ দিছিল যে লৰাজন অন্ধ আৰু তেওঁক সহায় কৰা উচিত। কিন্তু দ্বিতীয় কাগজখনে মানুহক এই কথা উপলব্ধি কৰিবলৈ শিকাইছিল- তেওঁলোক প্ৰকৃততে কিমান ভাগ্যশালী যে এনে এটা সুন্দৰ দিন উপভোগৰ পৰা বঞ্চিত হবলগীয়া হোৱাকৈ তেওঁলোক অন্ধ নহয়!

লৰাজনৰ প্ৰতি পথাচাৰীৰ সহানুভূতি সৃষ্টিৰ বাবে প্ৰথমখনতকৈ যে দ্বিতীয়খন কাগজ অধিক ফলপ্ৰসূ আছিল এই কথাক লৈ আৰু কিবা সন্দেহৰ অৱকাশ আছে জানো!

........................................................
........................................................

সাধুটোৰ নীতিকথাঃ নিজৰ থকাখিনিক লৈ সন্তুষ্ট আৰু কৃতজ্ঞ হবলৈ শিকক। সৃষ্টিশীল হওক। নতুন কিবা কৰক। কথাবোৰ আনতকৈ বেলেগ ধৰণে আৰু ইতিবাচক দিশেৰে ভাবক। নিজৰ প্ৰজ্ঞাৰে আনসকলকো ভালৰ দিশলৈ আমন্ত্ৰণ জনাওক। কোনো কাৰণ নোহোৱাকৈ জীৱন যাপন কৰক আৰু কোনো অনুশোচনা নোহোৱাকৈ আনক ভাল পাবলৈ শিকক। যদি আপোনাক জীৱনে কান্দিবৰ বাবে ১০০ টা কাৰণ দেখুৱায়, জীৱনকো আপুনি হঁহাৰ সপক্ষে ১০০০ টা কাৰণ দেখুৱাই দিয়ক। অনুশোচনা নোহোৱাকৈ নিজৰ অতীতটোৰ মুখামুখি হওক। আত্মবিশ্বাসৰ সৈতে বৰ্তমানটোক ধৰি ৰাখক। সাহসৰ সৈতে ভৱিষ্যতৰ বাবে সাজু হওক। বিশ্বাসক আকোঁৱালি লওক, ভয়ক দলিয়াই পেলাওক।

মহান মনীষীসকলে কৈ গৈছে, বেয়াবোৰ বিসৰ্জন দি, ভালবোৰৰ আদৰণিৰে জীৱনটো মেৰামতি আৰু নৱনিৰ্মাণৰ এক অন্তহীন প্ৰক্ৰিয়া। জীৱন-যাত্ৰাত যদি আপুনি ভয়বিহীনভাৱে যাত্ৰা কৰিবলৈ বিচাৰে, তেন্তে আপোনাৰ হাতত সজ নীতিবোধৰ এটা টিকট অৱশ্যেই থাকিব লাগিব।

এজন মানুহে হাঁহিথকা দৃশ্যটোতকৈ সুন্দৰতম বস্তু আন কি হব পাৰে! আৰু সোণতেই সুৱগা চৰে তেতিয়া, যেতিয়া আপুনি জানিব পাৰে যে সেই হাঁহিটোৰ আঁৰৰ কাৰণ আপুনি নিজেই...

..........................................................

(সাধুটো আৰু সংলগ্ন চিত্ৰৰ উত্সৰ বাবে http://supermenbanget.wordpress.com-লৈ কৃতজ্ঞতাৰে)