এটা বৰ বদ মেজাজৰ সৰু ল’ৰা আছিল। সৰু সৰু কথাতে
তাৰ তিঙিচকৈ খং উঠিছিল আৰু খঙত একো নাই হৈ যাকে-তাকে বেয়া ব্যৱহাৰ কৰিছিল। আনকি
নিজৰ মাক-দেউতাককো সি কেতিয়াবা বৰ বেয়াকৈ কথা কৈছিল। এদিন স্বাভাৱিক অৱস্থাত
দেউতাকে তাক গজালেৰে ভৰ্তি এটা মোনা দিলে আৰু ক’লে যে যেতিয়াই তাৰ খঙ
উঠি মেজাজ বেয়া হৈ যায়, তেতিয়াই
যেন সি কাষৰ বেৰখনত হাতুৰিৰে কোবাই এটা গজাল মাৰে। দেউতাকৰ কথাত সি মান্তি হ’ল।
প্ৰথম দিনাখনেই সি বেৰত সাতত্ৰিছটা গজাল মাৰিবলগীয়া হ’ল। পিচে কেইসপ্তাহমানৰ
ভিতৰতে বেৰখনৰ প্ৰতিদিনে মৰা গজালৰ সংখ্যা ক্ৰমান্বয়ে কমি আহিবলৈ ধৰিলে। সি বুজি
পাবলৈ আৰম্ভ কৰিলে যে বেৰখনত গজাল মৰা কামটোতকৈ নিজৰ খংটোক নিয়ন্ত্ৰণ কৰা বেছি
সহজ।
অৱশেষত সেই দিনটো আহিল, যিদিনা বেৰখনত এটাও
গজাল মাৰিবলগীয়া নহ’ল।
নিজৰ মেজাজৰ ওপৰত সাব্যস্ত কৰা এই নিয়ন্ত্ৰণৰ কথা সি দেউতাকক জনালেগৈ। দেউতাকে
তেতিয়া তাক দিনে এটাকৈ বেৰৰ সেই গজালবোৰ উলিয়াবলৈ ক’লে, যিবোৰ গজাল সি প্ৰচণ্ড
খঙৰ বশৱৰ্তী হৈ বেৰখনত মাৰিছিল। কিছুদিনৰ পাছত সি দেউতাকক ক’লে যে বেৰত মৰা আটাইবোৰ
গজাল পুনৰ উলিওৱা কামটো সম্পূৰ্ণ হ’ল।
দেউতাকে তেতিয়া তাক হাতত ধৰি সেই বেৰখনৰ ওচৰলৈ লৈ গ’ল আৰু ক’লে, “কামটো তই বৰ ভালকৈয়ে
কৰিলি বোপাই, কিন্তু
বেৰৰ এই ফুটাবোৰলৈ চা চোন। তই যিমানেই চেষ্টা কৰ লাগিলে, বেৰখনক কেতিয়াবা আগৰ
নিচিনা কৰি তুলিব পাৰিবিনে! খঙত ক’ব নোৱৰা হৈ তই যেতিয়া
মানুহক বেয়াকৈ কথা কৱ, সেই
কথাবোৰেও এই গজালবোৰৰ দৰেই শুনোতাজনৰ বুকুত এটুকুৰা ঘা সৃষ্টি কৰি যায় – যিবোৰ ঘা তই কেতিয়াও
শুকুৱাব নোৱাৰ।”
......................................................................................................
কাৰোবাৰ গাত চুৰি এখন মৰাৰ পাছত চুৰিখন উলিয়াই আনি আপুনি
তেওঁক হাজাৰবাৰ ক্ষমা খোজক, ঘা-টুকুৰা
ঘা হৈয়ে থাকিব। সেয়েহে খঙত হিতাহিত জ্ঞানশূণ্য হৈ আনক কিবা কোৱাৰ আগতে নিজকে
পাৰ্যমানে সংযত কৰক আৰু নিজৰ মেজাজৰ ওপৰত লেকাম লগাওক। লক্ষ্য ৰাখক, যাতে এক মুহুৰ্তত কৰা
এটা বেয়া কামৰ বাবে আপুনি আজীৱন অনুশোচনাত ভুগি থাকিব লগা নহয়।
(অজ্ঞাত লেখকৰ এক ইংৰাজী
অণুগল্পৰ ভাবানূদিত ৰূপ)
No comments:
Post a Comment