Wednesday, August 21, 2013
দুটি মানিমুনি সাধু
প্ৰৱঞ্চক
হৰিপ্ৰসাদে এদিন সপোনত
ঈশ্বৰক লগ পালে। উলাহত তাৰ মন নাচি উঠিল। ঈশ্বৰৰ ভৰিত খামুচি ধৰি সি কাতৰেৰে ক’লে, “প্ৰভু, যেনেতেনে মোক সৰুসুৰা চাকৰি এটা পোৱাই দি এই দুৰ্ভগীয়া পৰিয়ালটোৰ
জীৱন ৰক্ষা কৰা। চাকৰিটো পালেই মই তোমাৰ নামত...।” ঈশ্বৰ
অন্তৰ্ধান হ’ল।
পাছদিনা ৰাতিও হৰিপ্ৰসাদে
একেই সপোন দেখিলে। আগদিনাৰ দৰেই সি ঈশ্বৰক একেই প্ৰাৰ্থনা জনালে। এইবাৰো ঈশ্বৰ
আধাতেই অন্তৰ্ধান হ’ল।
এনেকৈয়ে কেইবাদিনো চলিল।
এদিন সি ঈশ্বৰক ক’লে, “প্ৰভু, অতি সোনকালেই মই তোমাৰ নামত শৰাই এভাগি আগবঢ়াম। তাৰ পাছতেই যেন
মোৰ...।” ঈশ্বৰ এইবাৰ অন্তৰ্ধান নহ’ল।
আৰু কিছুসময় তাৰ প্ৰাৰ্থনা শুনি হাঁহিমুখেৰে বিদায় ল’লে।
হৰিপ্ৰসাদে আশাৰ ৰেঙনি
দেখিলে। পাছদিনাই ধাৰ-ঋণ কৰি সি নামঘৰত ডাঙৰকৈ শৰাই এভাগি দিয়ালে।
সেইদিনাৰ পৰা আৰু
কোনোদিনেই সি সপোনত ঈশ্বৰক দেখা নাপালে।
অধিকাৰ
একনায়কত্ববাদ আৰু
স্বৈৰাচাৰৰ অভিযোগত দেশজুৰি প্ৰৱল বিক্ষোভৰ সন্মুখীন হোৱা ৰজাই সাধাৰণ নিৰ্বাচনৰ
আগে আগে হঠাতে ৰাজসভাৰ এক জৰুৰী বৈঠকৰ আহ্বান জনালে। প্ৰজাৰ সৰ্বতোপ্ৰকাৰৰ হিতৰ
বাবে প্ৰজাই বিচৰা সকলোবোৰ অধিকাৰ প্ৰদান কৰি প্ৰয়োজনীয় আইন প্ৰণয়ন কৰিবলৈ মন্ত্ৰী
আৰু পাৰিষদবৰ্গক ৰজাই কঠোৰ নিৰ্দেশ দিলে।
আদেশমতেই কাম। দিনদিয়েকৰ
ভিতৰতে সকলোবোৰ আইন সাজু হৈ উঠিল। শিক্ষাৰ অধিকাৰ, খাদ্যৰ অধিকাৰ, মাটি, পানী,
বায়ু, বাসস্থান, সম্পত্তি, ধৰ্ম, ভাষা, আন্দোলন, নিযুক্তি, বিদ্যুত, বাহন, সুৰা,
চিকিত্সা, বিবাহ, সংগঠন খোলা, তথ্য জনা, মত প্ৰকাশৰ অধিকাৰ আদিকে ধৰি প্ৰায়
দুই-আঢ়ৈকুৰিমান অধিকাৰ আইনৰ মাধ্যমেৰে প্ৰজাক প্ৰদান কৰা হ’ল।
ৰজাৰ উদাৰতাত প্ৰজা গদগদ
হৈ পৰিল। বিক্ষোভ কেনিবা উৰিল, দেশজুৰি আনন্দোত্সৱ উদযাপন কৰা হ’ল।
জাতি-ধৰ্ম-ভাষা-বৰ্ণ-দল-মত নিৰ্বিশেষে সকলোৰে অন্তৰ জিনি পুনৰ এটা যুগৰ বাবে ৰজা
শাসনলৈ আহিল।
ৰাজপাটত পুনৰবাৰ বহিয়েই
ৰজাই দেশবাসীক আৰু এখন নতুন অধিকাৰ আইন উপহাৰ দিয়াৰ কথা ঘোষণা কৰিলে। দিনচেৰেকৰ
পাছতে সেই আইনখন সমগ্ৰ দেশতে কাৰ্যকৰী হোৱাকৈ বলৱত্ কৰা হ’ল। আইনখনৰ নাম আছিল – “অধিকাৰ হৰণৰ অধিকাৰ।”এঘণ্টা সময়
সন্ধিয়া
পৰত কৰ্মস্থলীৰ পৰা আহি দেউতাক ঘৰ পোৱা মাত্ৰকেই কণমানি লৰাটো ভয় আৰু সমীহেৰে
তেওঁৰ ওচৰলৈ গ’ল আৰু সুধিলে, “দেউতা, এঘণ্টাত তুমি কিমান টকা উপাৰ্জন কৰা?” ল’ৰাটোৰ
প্ৰশ্নত দেউতাক বৰকৈ আচৰিত হ’ল যদিও পুতেকলৈ ঘোপাকৈ চাই তেওঁ ক’লে, “চা
সোণটো, আনকি তোৰ মাৰেও এই কথা মোক সুধিবলৈ আজিলৈকে সাহস কৰা নাই। মই বৰ ভাগৰুৱা,
মোক এতিয়া আমনি কৰি নাথাকিবি, কৈ দিছো।” কিন্তু কনমানিটোৱেও তেওঁক নেৰানেপেৰাকৈ লাগিল, “দেউতা,
মোক মাত্ৰ এবাৰ কোৱানা, এঘণ্টাত তুমি সঁচাকৈ কিমান উপাৰ্জন কৰা?”
অতিষ্ঠ
হৈ দেউতাকে শেষত লৰাটোক উত্তৰ দিলে যে তেওঁ প্ৰতি ঘণ্টাত এশ টকাকৈ উপাৰ্জন কৰে। ল’ৰাটোৱে
তেতিয়া ক’লে, “ঠিক আছে দেউতা, তুমি মোক যেনেতেনে পঞ্চাছ টকা
ধাৰলৈ দিব পাৰিবানে?” পুতেকৰ নেৰেনেপেৰা আমনিত অতিষ্ঠ হৈ তেওঁ তাক
জোৰেৰে ধমক দি ক’লে, “অ’, মই কিমান উপাৰ্জন কৰো সেইকথা সোধাৰ আচল কাৰণ
এইটোহে, নহয় জানো? মোৰ ওচৰৰ পৰা তুৰন্তে যা আৰু শুই থাকগৈ। মোক আকৌ
আমনি কৰিবলৈ আহিলে মজা পাবি!”
গা-পা
ধুই, চাহ-তাহ খাই কিছুসময় জিৰণি লোৱাৰ পাছত দেউতাকে পুতেকৰ কথা ভাবিলে আৰু তাক
বৰকৈ ডবিওৱাৰ বাবে নিজকে দোষী দোষী অনুভৱ কৰিলে। সি চাগৈ কিবা খেলনা বস্তু কিনিব
খুজিছিল – তেওঁ ভাবিলে। ভাবি-গুণি ল’ৰাটোৰ মনটো ভাল লগাবৰ বাবে তেওঁ তাৰ ওচৰলৈ গ’ল।
“সোণটো, টোপনি গলি নেকি?” – দেউতাকে সুধিলে। চকামকা টোপনিৰ পৰা সাৰ পাই ল’ৰাটোৱে
কলে, “নাই যোৱা দেউতা, কিয় সুধিলা?” “এইটো ল, তই অলপ অথনি বিচৰা পইচাটো” –
এইবুলি তেওঁ লৰাটোলৈ পঞ্চাছ টকীয়া নোটখন আগবঢ়াই দিলে। দেউতাকক ধন্যবাদ দি সি
গাৰুৰ তলত কিবা খুচৰাত লাগিল আৰু আনন্দমনেৰে গুণগুনালে, “হৈ গ’ল, মোৰ
ওচৰত এতিয়া পূৰা এশ টকা আছে।” দেউতাকে অবাক হৈ পুতেকলৈ তধা লাগি চাই ৰ’ল। কিয়? কাৰণ
তাৰ হাতত থকা গোটেইখিনি পইচা দেউতাকৰ হাতত গুজি দি কণমানিটোৱে দেউতাকক এইমাত্ৰ ক’লে, “দেউতা, তুমি
মোক তোমাৰ এঘণ্টা সময় বেচিব পাৰিবানে?”
................................................................
যান্ত্ৰিক
জীৱন-যাত্ৰাৰ ধাম-খুমীয়াত অভ্যস্ত হৈ আপুনিও আপোনাৰ সন্তান বা আপোনজনক সময় দিবলৈ
পাহৰি গৈছে নেকি? এনে ভুল কেতিয়াও নকৰিব। টকা-পইচা খন্তেকীয়া,
আপোনজনৰ মৰম-চেনেহ সনা সম্পৰ্কবোৰেহে আমাক জীয়াই ৰাখে। বয়সৰ উন্মাদনাত এতিয়া এই
কথা আপোনাৰ বোধগম্য নহ’লেও এদিন আপুনি ঠিকেই বুজি পাব। কিন্তু তেতিয়া
বহু দেৰি হৈ যাব। মনত ৰাখিব, কৰ্মজীৱনৰ এই প্ৰচণ্ড ব্যস্ততাৰ পৰা এদিন আপুনিও অৱসৰ
ল’ব লাগিব। তেতিয়া আপোনাৰ হাতত সময়েই সময় থাকিব, কিন্তু আপোনাক সেই সময়
কটোৱাত সংগ দিবলৈহে কাষত কাকো নাপাব। সেয়ে আহকঃ আমাক ভাল পোৱা, আমালৈ বাট চাই
ৰোৱাসকলৰ বাবে প্ৰতিদিনে অলপ সময় আছুতীয়াকৈ থওঁ আৰু মাথো জীয়াই থাকিবৰ বাবে জীয়াই
নাথাকি জীৱনটো সঁচা অৰ্থত যাপন কৰিবলৈ শিকোহঁক।
দাপোনত নিজৰ মুখ (৩)
আপোনালোকৰ আশীৰ্বাদত মোৰ দুটা ল’ৰা – জন আৰু ৰোমিঅ’। ডাঙৰটোৱে শ্বিলঙৰ
কনভেণ্টত পঢ়ি আছে, ক্লাছ নাইনত। সৰুটোক ওচৰৰে চেইণ্ট এণ্টনীত
দিছো, সি এইবাৰ ছেভেনলৈ পাইছে। ছোৱালী এজনী লাগে বুলি জেদ ধৰি মিছেছে বহু পলমকৈ
সংসাৰলৈ অনা ছোৱালীজনী জিমিক এইবাৰ নাৰ্ছাৰীত দিছো। ছামাৰ ভেকেশ্যন দিয়া বাবে
গোটেইকেইটা এতিয়া ঘৰতে আছে। মিছেছ আকৌ ওচৰৰে গৱৰ্ণমেণ্ট হাইস্কুলখনৰ টিচাৰ, গতিকে
তেওঁৰো স্কুল বন্ধ।
সাহিত্য সভাৰ আমাৰ লোকেল শাখাটোৰ এক্সিকিউটিভ বডিৰ মিটিংখনৰ
পৰা আহিয়েই যোৱা দেওবাৰে চব মিলি শংকৰদেৱ কলাক্ষেত্ৰ চাবলৈ
গৈছিলো। আমাৰ বৰ মন নাছিল, আচলতে আমি এক’লেণ্ডলৈ যোৱাৰহে প্ৰ’গ্ৰেম কৰিছিলো।
তথাপি কাষৰে আহমেদৰ পৰিয়ালটোৱে নেৰানেপেৰাকৈ লগ ধৰাত যাব লগাত পৰিলো। পিছে এনেয়ে
বৰ্বাদ কৰিলো দিনটো। বৰ ব’ৰ হ’লো। এনেয়ে মিছা-মিছি দিনটো ঘূৰি ঘূৰি বৰ টায়াৰ্ড
হ’লো। ইফালে ঘূৰি
আহোতে ঘৰ পাবলৈ অলপ থকাত কাৰখনৰো পাংচাৰ হ’ল। সেয়ে দুখন ৰিক্সা ধৰি মিছেছ আৰু ল’ৰা ছোৱালীকেইটাক
আগতীয়াকৈ ঘৰলৈ পথিয়াই দিয়াৰ ডিচিশ্যন ল’লো। “ভাড়া কিতনা লেগা” বুলি ডাঙৰ ল’ৰাটোৱে সোধাত
ৰিক্সাৱালাটোৱে ক’লে- পঞ্চলিছ টকা। সি বুজি নাপালে। আকৌ সোধাত লুঙি
পিন্ধা ৰিক্সাৱালাটোৱে সেই একেই উত্তৰ দিলে। খঙত একো নাই হৈ সি (মোৰ ল’ৰাটোৱে) ৰিক্সাৱালাক
‘ষ্টুপিড’ বুলি ক’লে। ৰিক্সাৱালাৰো খং
উঠিল। পৰিস্থিতি উত্তপ্ত দেখি কিনো হৈছে বুলি মই ওচৰ চাপি গ’লো। ঘটনাটো বুজি পাই
ৰিক্সাৱালাটোক হাঁহি হাঁহি ক’লো যে মোৰ ল’ৰাটোৱে অসমীয়া নাজানে, এতেকে তাৰ কথা বুজি নাপাই
লৰাটোৰ খং উঠাতহে তেনেকৈ ক’লে। কিন্তু ৰিক্সাৱালাটোৱে আকোঁৰগোজ হৈ থাকি
মোকহে ক’লে যে লৰাক মই
শিষ্টাচাৰ শিকাব লাগে। বৰ খং উঠিল মোৰ। “চাল্লা বাংলাদেশী, তহঁতেই অসমখন খালি” বুলি তাক চুই
কিলাবলৈহে বাকী এৰিলো মই। কিন্তু মোৰ কথাৰ উত্তৰত সি কি ক’লে জানেনে? চিঞৰ-বাখৰ দেখি গোট খোৱা এগালমান মানুহৰ
সন্মুখতে সি চিঞৰি চিঞৰি মোক ক’লে যে সঁচাকৈ তাৰ ককাকহঁত এদিন বাংলাদেশৰপৰাই
আহিছিল যদিও এতিয়া সি মোতকৈ বেছি অসমীয়া। কাৰণ অসমীয়া সংখ্যাকেইটা চিনি নোপোৱা মোৰ
ল’ৰাটোক এতিয়া হেনো
তাৰ সন্তানে প্ৰয়োজন হ’লে অসমীয়া শিকাব পাৰে। তাৰ দুয়োটা লৰা-ছোৱালীয়েই
অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়ি আছে। ৰিক্সাৱালাৰ ল’ৰা হ’লেও মোৰ ল’ৰাৰ দৰে মানুহৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিব
নজনাকৈ সি গঢ়ি তোলা নাই তাৰ সন্তানক...
ৰিক্সাৱালা
ৰহমত আলীয়ে (নামটো তাৰ মুখৰপৰাই জানিলো) কোৱাৰ দৰে সঁচাকৈয়ে সি বাৰু মোতকৈ বেছি
অসমীয়া নেকি? বাংলাদেশী খেদাৰ
নামত চৰকাৰে কেনেবাকৈ যদি ৰহমতহঁতকো খেদি পথিয়ায়, তেতিয়া আমাৰ ভৱিষ্যত প্ৰজন্মবোৰক
অসমীয়া শিকাবলৈ বাংলাদেশৰপৰা শিক্ষকো ভাড়া কৰি আনিব লগা হ’বগৈ নেকি?
Subscribe to:
Posts (Atom)