Monday, June 19, 2017

মানুহ দেখিলো (২)

ঘৰৰ সমুখৰ পথটোত আঁঠুৰ ওপৰলৈকে পানী। চোতালখনো ডুবু ডুবু। অফিচৰ পৰা সোনকালে ওলাই শ্ৰীমতীক তেওঁৰ কৰ্মস্থলীৰ পৰা আগবঢ়াই অনাৰ মানসেৰে আগবাঢ়ি গ'লো। চাৰিচকীয়া নাই। স্কুটাৰ এখন আছে যদিও ইমান পানীত উলিয়াব নোৱাৰি। এবাৰ মজা পাই থৈছো। কাজেই পেণ্ট-চেণ্ট কোচাই পানী ফালি ফালি আগবাঢ়িলো। শ্ৰীমতীক মূল পথত ৰৈ থাকিবলৈ কৈছো। ৰিক্সা এখন লৈ আহিব লাগিব তাৰ পৰা, মনতে ভাবিলো। পিছে পাওঁ নে নাপাওঁ তাৰহে নিশ্চয়তা নাই।

এনেকুৱা পৰিস্থিতিত ৰিক্সাৰ কদৰ বাঢ়ে। গাড়ী-গুড়াৰ ইঞ্জিনত পানী সোমাই আদবাটতে অচল হোৱাৰ ভয় থাকে। ৰিক্সাৰ সেই ভয় নাই। কেনেবাকৈ চেইন পৰিলেও পানীৰ তলতে সেইডাল তুলি লোৱাৰ কিটিপ চালকবোৰে ভালকৈ জানে। অৱশ্যে ভাৰাৰ পৰিমাণটো অলপ বেছি হয় এনে পৰিস্থিতিত। সেয়া স্বাভাৱিকো, যুক্তিসংগতো। এককাল পৰ্যন্ত পানীত ৰিক্সা থেলি থেলি, অত্যন্ত বিপদসংকুল অৱস্থাৰ মাজেৰে আপোনাক নিৰাপদে ঘৰৰ দুৱাৰডলি পোৱাই দিয়াৰ বিনিময়ত ৰিক্সাচালকগৰাকীৰ উচ্চ নিৰিখৰ ভাড়াৰ দাবী মানিবলৈ আপুনি একপ্ৰকাৰ বাধ্যই। অৱশ্যে মহানাগৰিকৰ বাবে এয়া পৰিচিত ছবি। অতিসম্প্ৰতি জনপ্ৰিয় হোৱা বহুজাতিক যাত্ৰী পৰিবহন সেৱা প্ৰদানকাৰী সংস্থা অ'লা-ওবেৰেও পৰিস্থিতিৰ সুযোগ লৈ যাত্ৰীৰ পৰা দুই-তিনিগুণ পৰ্যন্ত (2x, 3x) ভাড়া আদায় কৰে। অ'লা-ওবেৰৰ সেই 'হাই-প্ৰাইচ অফাৰ' নিৰ্বিবাদে মানি লোৱা সকলেও কিন্তু ৰিক্সাচালকে দাবী কৰা অতিৰিক্ত টকা কুৰিটা দিব লাগিলে মৰি যোৱা যেন পায়।

কথাবোৰ ভাবি উপপথটোৰে গৈ থাকোতেই এঘৰৰ পদূলিমুখত ৰিক্সা এখন ৰৈ থকা দেখা পাই আশাৰ ৰেঙনি দেখিলো। যা হওক, মানুহজনীক অন্ততঃ মহানগৰীৰ গেলা পানী নগচকোৱাকৈ ঘৰ পোৱাবগৈ পাৰিম। পিছে ৰিক্সাৰ ওচৰ পাই দেখিলো পৰিস্থিতি বিষম। ইমানপৰে মই ভাবি অহা কথাবোৰ বাস্তৱতে ঘটি আছে। ভাড়াক লৈ দুগৰাকী মহিলা আৰু ৰিক্সাচালকৰ দুৰ্বাদল কাজিয়া। অশ্ৰাব্য গালি-গালাজ। মহিলা দুগৰাকীয়ে ৰিক্সাচালকগৰাকীক চুই কিলাবলৈহে বাকী। জোখতকৈ এটকাও বেছি নিদিওঁ বুলি মুখেৰে ভোৰভোৰাই মহিলা দুগৰাকী ঘৰটোৰ গেট খুলি সোমাই গ'ল। নাচোৰবান্দা ৰিক্সাচালকেও গভীৰ অসন্তুষ্টি আৰু ক্ৰোধেৰে পদূলিমুখৰ পৰা লৰচৰ নকৰো বুলি ঘোষণা কৰিলে। মোকে ধৰি ৰিক্সাখনৰ ফালে উত্সাহেৰে আগুৱাই যোৱা আন দুই-এগৰাকী লোকেও হতাশাৰে ঘটনাটোৰ নিৰৱ-নিৰ্বিকাৰ দৰ্শক হৈয়ে ঘূৰিব লগা হ'ল।

বহু চেষ্টাৰ মূৰতো শ্ৰীমতীৰ বাবে ৰিক্সা এখন বিচাৰি নাপালো। অগত্যা ভৰিৰ সৰু গাঁথি তল যোৱা গেলা পানী খচকি তেৱোঁ পদব্ৰজেই ঘৰ পালেহি। ওপৰৰ আকাশখনৰ দৰেই মুখখন তেওঁৰো গোমা। বিজুলীৰ চিন চাব নোহোৱা দুই-এটা সৰু-সুৰা গাজনিও কাণত পৰিল। "নাথাকো এইখন গেলা ঠাইত। ৰাস্তা-পদূলি বোকাময় হ'লেও, গাড়ী-মটৰ নাথাকিলেও গাঁওখনেই বহুত ভাল ইয়াতকৈ। চাকৰি-তাকৰি বাদ দি গুচি যাম মই গাঁৱৰ ঘৰলৈ। থাকিবা তুমি অকলে অকলে।"...

আঠুলৈকে তিতা ভৰিখন ধোৱাৰ বাবে শ্ৰীমতীয়ে এশ আশী মিলিলিটাৰ ডেটলৰ বেছিভাগেই শেষ কৰিলে আৰু অৱশিষ্টখিনি মোৰ ভৰিতো ঢালি দিলে। গেলা পানীত থকা বীজাণু মাৰিব লাগিব। নহ'লে খৰ-খজুৱতিয়ে মানুহ মাৰিব।

বৰষুণজাক অলপ পাতলা যেন পাই গে'টখন খুলি ৰাষ্টাটোলৈ চকু ফুৰালো। পানী আগতকৈ অলপ বাঢ়িছেহে। পথ, নলা একাকাৰ। গাৰ্ড ৱালখনৰো এক ইঞ্চিমানহে ওলাই আছে। তাৰ ওপৰেদিয়েই বিপজ্জনকভাৱে মানুহবোৰে অহা-যোৱা কৰিছে। কাৰ্বুৰেটৰত পানী সোমাই ষ্টাৰ্ট বন্ধ হৈ যোৱা বাইক এখন থেলি থেলি আগবঢ়া যুৱক এজনৰ অৱস্থা দেখি হাঁহোনে কান্দো লাগিল। কাৰণ বাইকখনৰ ওপৰত দুই ভৰি তুলি যোৱা অত্যাধুনিক সাঁজ পৰিহিত যুৱতী এগৰাকীও আছিল। সেইফালে চাই থাকোঁতেই পানীত জপংকৈ কিবা পৰাৰ শব্দ শুনি পিছফালে ঘূৰি চালো। কি বা অঘটন ঘটিল!

ঘূৰি চাই দেখিলো এক চমত্কাৰ দৃশ্য। ডুবু ডুবু হৈ থকা গাৰ্ড ৱালখনৰ পৰা হাফ পেণ্ট পৰিহিত দুটা ল'ৰাই নদী হৈ থকা ৰাষ্টাটোলৈ জপিয়াইছে। উত্সাহেৰে সাঁতুৰিছে, বুৰ পাৰিছে, পানী চটিয়াই গা ধুইছে। সৰুতে কাকডোঙা নদীৰ বাঢ়নি পানীত আমি কৰা জলকেলিৰ দৰে। একেই শৈশৱ, একেই উত্সাহ। পাৰ্থক্য মাথো এটাই -- সেয়া আছিল বোঁৱতি নদীৰ নিৰ্মল পানী আৰু এয়া হৈছে গুৱাহাটীৰ নৰ্দমাৰ...

চেহেৰা আৰু মাত-কথাৰ গতি-গোত্ৰ দেখিয়েই বুজিবলৈ বাকী নৰ', লৰাহঁত ওচৰৰ হৰিজন কলনিৰ। অভিভাৱকসুলভ কৰ্তৃত্বৰে সিহঁতক ক'লো, "এই গেলা পানীত কিয় গা ধুইছা? জানানে কিমান ডাঙৰ ডাঙৰ বেমাৰৰ বীজাণু থাকে এই পানীত? চালত খজুৱতি হ', চুলি সৰি যাব, জ্বৰ-কাঁহ হ'ব। যোৱা আৰু ভালকৈ ডেটল চাবোনে গা-মূৰ ধুই পেলোৱাগৈ। মা-দেউতাই দেখিলে ভাল পিতন দিব। যোৱা সোনকালে।"

মোৰ কথা শুনি সিহঁতে কিছু সময় থৰ লাগি মুখলৈ চাই ৰ'ল। তাৰ পিছত হাঁহি হাঁহি ক'লে, "আংকল, আপ ভি অচ্চা মজাক কৰ লেতে হ'নাহানে চে বীমাৰী হৌতা হে ক্যা? হম তৌ হৰ ৰৌজ এইচে হি নাহাতে হেঁ... আপ ভি না!..."


কোনোবাই শুনিব বুলি চুপ-চাপ গেটখন জপাই ঘৰৰ ভিতৰত সোমাই থাকিলো। ভিতৰখন তেতিয়াও ডেটল ডেটল গোন্ধাই আছিল।

মানুহ দেখিলো (১)

কালি সন্ধিয়াৰ কথা। নামনিমুৱা ইণ্টাৰচিটি এক্সপ্ৰেছৰ অপেক্ষাত মৰিয়নি ৰেলৱে ষ্টেচনৰ যাত্ৰী জিৰণি কোঠাত বহি আছিলো। কোঠাটোৰ মজিয়াত অথালি-পথালিকৈ শুই আছিল তিনিটা শিশু। ভোকত নে দুঃখত নাজানো, মুখকেইখন শুকান। ষ্টেচনত সন্ধিয়াৰ ব্যস্ততা। অহা আহিছে, যোৱা গৈছে। প্লেটফৰ্ম এই এৰো এৰো হোৱা ট্ৰেইনখনৰ বাবে টিকট কাটিবলৈ উধাতু খাই অহা কোনোবাই হয়তু শিশুকেইটাৰ গাৰ ওপৰেদিয়েই দেই গৈছে। কাৰো সেইবোৰলৈ ভ্ৰুক্ষেপ নাই। মোৰো। জিৰণি কোঠাৰ চকী এখনত বহি হাতত মোবাইল, কাণত হেডফোন লৈ ভাৰত-দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট খেল চাই আছো। হঠাতে হাই-হিলৰ খৰতকীয়া খট খট শব্দ শুনি মোবাইলৰ স্ক্ৰীনৰ পৰা মূৰ তুলি চালো। এগৰাকী অনা অসমীয়া উচ্চাংগী যুৱতীয়ে শুই থকা শিশুকেইটাৰ কাষত একোটাকৈ বিস্কুটৰ পেকেট থৈ খৰখেদাকৈ আঁতৰি গল। ভগৱানৰ প্ৰসাদ এয়া। সাৰ পাই হাতৰ কাষত বিস্কুটৰ পেকেটটো দেখি হয়তু শিশুহঁতে এনেকৈয়ে ভাবিব। কথাটো ভাবোতেই আন এক কাণ্ড ঘটিল। মাকৰ লগত অহা একেধৰণৰ আন এটি ক্ষুধাতুৰ শিশুৱে শুই থকা লৰাটোৰ হাতৰ পৰা বিস্কুটৰ পেকেটটো তুলি লৈ থিতাতে ফালি আন এটি শিশুৰ লগত ভগাই খাই পেলালে। চকুৰ সমুখতে এটাৰ পিছত আনটোকৈ ঘটি যোৱা ঘটনাবোৰ কিবা চিনেমাৰ দৃশ্য যেনহে লাগিল। ক্ষুধা, অপুষ্টি, দাৰিদ্ৰতা, জনসংখ্যা আদি শব্দবোৰে মগজুৰ ভিতৰত পাকঘূৰণি খাব ধৰিলে। জিৰণি কোঠাত বহি থকা আন মানুহবোৰে বিষয়টোক লৈ বিভিন্ন মন্তব্য কৰিলে। কিন্তু অচিনাকি যুৱতীগৰাকীৰ দৰে, ওচৰে-পাজৰে ঘূৰি ফুৰা আন শিশুহঁতৰ হাততো কিবা এটা তুলি দিয়াৰ মহানুভতা দেখুৱাব পৰা মানুহ তাত আন কোনো নাছিল। বৰ বৰ কথা কোৱা আৰু সৰু সৰু কাম কৰা মানুহৰ মাজৰ পাৰ্থক্য চাগেএনেকুৱাই। নিজকে সুধিলো, মাথোঁ কথা কবলৈ এৰি সঁচাকৈ কাম কৰিব পৰাৰ পৰ্যায়লৈ মই নিজকে কেতিয়া উত্তৰণ ঘটাম?





দাপোনত নিজৰ মুখ (৪)

মই এজন খাটি অসমীয়া। লাচিত-চিলাৰায়ৰ দেশৰ বীৰ সন্তান মই। মোগলৰ সোতৰটাকৈ আক্ৰমণ প্ৰতিহত কৰাৰ, ব্ৰিটিছক বহু দিনলৈ বাধা দি ৰখাৰ গৌৰৱৰ অধিকাৰী মই। সেয়েহে মই কালৈকো কেৰেপ নকৰো।

অদৰকাৰী শাক-ভাত খোৱাজাতীয় কিছুমান কথাত লাগি থাকি মই আজিকালি খুব ভাল পাওঁ। কিন্তু জাতীয় জীৱনৰ ক্ষেত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়বোৰক মুঠেই গুৰুত্ব নিদিওঁ। কি লাভ হব সেইবোৰ চিৰিয়াচ কথা আলোচনা কৰি? সেইবোৰ কিবা মোৰ কাম নেকি? সেইবোৰৰ বাবে সুকীয়া মানুহ আছে নহয়।

মোৰ কাম হ'ল খোৱা, পিয়া আৰু ফূৰ্টি কৰা। বাৰ মাহত তেৰটা উত্সৱৰ আয়োজন কৰি, নাচি-বাগি ফূৰ্টি কৰি জীৱনটো উপভোগ কৰা। নিজৰ বাবে, পৰিয়ালটোৰ বাবে কিবা এটা কৰি ভাতমুঠিৰ যোগাৰ কৰা আৰু তাৰ পাছত তিনিআলিৰ মূৰত লগৰীয়াৰ লগত আড্ডা দিয়া। মদ খোৱা, পৰচৰ্চা কৰা, কোনোবাই জাতিটোৰ বাবে কিবা এটা কৰিব খুজিলে সমালোচনা কৰা, তেওঁৰ উদ্দেশ্যৰ ওপৰত সন্দেহ কৰা, সম্ভাব্য বিফলতাৰ ওপৰত ভৱিষ্যদ্বাণী কৰা আৰু পাকে-প্ৰকাৰে তেওঁক নিৰুত্সাহিত কৰা। কোনোবাই তেওঁৰ সমৰ্থনত এষাৰ মাতিলেও, জাতীয় জীৱনৰ গুৰুত্বপূৰ্ণ দিশবোৰ আলোচনালৈ আনিলেও তেওঁক ইতিকিং কৰা।

শেতেলী এৰাৰপৰা পুনৰ শেতেলীত পৰালৈকে অনবৰতে ঋণাত্মক চিন্তনকে খামুচি ধৰি থকাই মোৰ কাম। নিজেও একো নকৰা আৰু আনে কিবা কৰিব খুজিলেও গালি-শপনি পাৰি, ঠাট্টা-ইতিকিং কৰি বাধা দিয়াই মোৰ জীৱনৰ উদ্দেশ্য। নিৰাপদ দূৰত্বত থাকি, কাগজৰ গদা ঘুৰোৱা মোৰ প্ৰিয় চখ।

মই এটা অসমীয়া কেকোঁৰা। নিজেও নবগাওঁ, আনে প্ৰগতিশীল ধাৰণাৰ দেৱাল বগাই কিবা সুফল কঢ়িওৱাৰ চেষ্টা কৰিলেও টানি-আজুঁৰি তললৈ টানো। ধন্য মই। ধন্য মোৰ মানসিকতা। মোৰ দৰে চিন্তনৰ লোকক লৈয়েই আমাৰ জাতিয়ে এই প্ৰতিযোগিতামূলক বিশ্বত নিজক প্ৰতিষ্ঠিত কৰিব। অসমীয়া জাতি জগত সভালৈ যাব। 'অসম আকৌ উন্নতিৰ পথত জয় আই অসম বোল'....

বিচাৰ

দিনহাজিৰা কৰি পৰিয়াল পোহা কেহোঁৰাম কাইটিৰ সৰুজনী জীয়েক গাঁৱৰে এল পি স্কুলখনৰ মাষ্টৰ দিলিপ লয়িঙলৈ পলাই গ'ল। নামঘৰত গোট খোৱা ৰাইজে সিদ্ধান্ত ল'লেঃ "নাই নহ'ব। চব কথা এনেকৈ ঢিলাই দিলে সমাজৰ বান্ধোন ক'ত ৰ'? টেট মাষ্টৰ হ'লে কি হ', জাততো অজাতিয়েই। কেহোঁৰামে জীয়েকক মৰিল বুলি এৰি দিব লাগিব আৰু সেইখন ঘৰৰ লগত কোনো সম্পৰ্ক নাৰাখো বুলি শপত খাব লাগিব। নহ'লে জুই-পানী সঞ্চাৰ নোহোৱাকৈ কেহোঁৰামক এঘৰীয়া কৰা হ'ব। ৰাইজৰ কথা, শিলৰ ৰেখা। ইয়াৰ হীন-দেঢ়ি নহ'ব।"
পঞ্চায়তৰ সদস্য যোগেন মুক্তিয়াৰৰ ল'ৰাই চৰকাৰী ঘৰ দিয়াৰ টোপ দেখুৱাই ন-পাম চৰৰ বোৱাৰী এজনীৰ লগত লেটিপেটি কৰি ধৰা পৰাত লৈ আনিব লগা হ'ল। নামঘৰত বিচাৰ বহিল। গোট খোৱা ৰাইজে সিদ্ধান্ত ল'লেঃ "দিন-কাল সলনি হৈছে এতিয়া। সমাজৰ নিয়মবোৰ মানুহেহে বনোৱা। অনবৰতে সেইবোৰকে খামুচি থাকিলে সমাজখন থান-থান হৈ যাব। সৰু ল'ৰা, নাজানি ভুল কৰিলে। ভুলতো ভগৱানৰো হয় (শ্ৰীকৃষ্ণইও চোন...)সেইবুলিতো মুক্তিয়াৰৰ ল'ৰাক মৰিবলৈ এৰি দিব নোৱাৰি। ল'ৰা-বোৱাৰীহালে যথোচিত দণ্ড-খৰচা দি ৰাইজৰ কাষ চাপক। তাৰ পাছত বোৱাৰীক কুলত তুলি ভালকৈ বিয়াখন পাতি ৰাইজক এসাঁজ খুৱাওক। কথা ইমানেই।"

বজাৰ

"' মা, এই ডাঙৰ ডাঙৰ কলকেইটা বিকিবলৈ নিদিবি দেই দে'তাক। আমি ঘৰত খাম। ইমানবোৰ কল ঘৰতে থাকোতেও আমি খাবলৈ মেমেৰা-মেমুৰিবোৰহে থৱ। ভালবোৰ কেলৈ বিকি দিয়? টেকেলিবোৰ ভৰাৱ, দৈ খাবলৈ পাম বুলি আমি আশা কৰি থাকোতেই যায়। চব ভাল বস্তুবোৰ বিকিবহে জান তহঁতি।"

"আঔ এইজনীৰ মুখখন চলিছে চা। ভাল কলকেইআশি, দৈ টেকেলি কেইটা বেচিবলৈ নিনিলে বাপেৰে বজাৰ কৰিব ক'ৰ পৰা? পেক পেক কৰি নাথাকিবি, বাপেৰ ওলাবৰে হ'ল। বাহিৰা বহীখনে পেঞ্চিলডালে লৈ আনি লিষ্টখন পটাপট লিখ।"

"অথনিৰে পৰা ৰৈ আছো লিখিবলৈ। ক আকৌ বেগেতে। মোৰ জ্যামিতি বাকচ আৰু ভূগোলৰ বহী কথাটো কিন্তু এক নম্বৰতে লিখিছো দেই। দে'তাক কৈ দিবি।"

"পিঠি ফালিব বাপেৰে সেইবোৰ লিখিলে। দৰকাৰী বস্তুকেইটা আনিবলৈকে পইচাৰে জোৰে বা নোজোৰে! কাট সেইবোৰ। মোৰ মতে লিখি যা। এক নম্বৰতে লিখ মান ধপাত এশ গ্ৰাম। বান্দৰ বিড়ি তিনিমুঠা। পান এগুচি। তামোল..."

Wednesday, September 16, 2015

বান্ধোন

জীৱনদাৰ এজনীয়েই ছোৱালী, মামু। আগলৈ-পাছলৈ আৰু কোনো নাই। সেয়ে তাই মাক-দেউতাকৰ আলাসৰ লাড়ু। নয়নৰ মণি। ওকনিৰ ভয়ত মূৰত নোতোলে, পৰুৱাৰ ভয়ত মাটিতো ননমায়। তাই যি বিচাৰে পাবই লাগিব। কোনো পৰিস্থিতিতে তাইৰ চকুত চকুপানী বিৰিঙিব নোৱাৰিব। জীৱনদাৰ ষ্টেণ্ডিং ইণ্ষ্ট্ৰাকশ্যন। মাকৰতো কথাই নাই, ওচৰ-চুবুৰীয়াও এই ক্ষেত্ৰত অতি সচেতন। কেনেবাকৈ এইক্ষেত্ৰত আইন-শৃংখলা ভংগৰ খবৰ জীৱনদাৰ কাণত পৰিলে সৰ্বনাশ। দোভাগ ৰাতি মলুৱাৰ চুলাই ঘাটিৰপৰা আহি পোৱাৰ পিছত - হয় ৰঙামাটি, নহয় গুৱাহাটী।


সেইজনী মামুৱেই এদিন জিদ ধৰিলে, তাইক এটা ভাটৌ চৰাই লাগে। পুহিবলৈ। মোমায়েকৰ ঘৰলৈ যাওঁতে গাঁৱৰে এঘৰত দেখি অহা ভাটৌটোৰ দৰে তাইকো লাগে কথা কব পৰা এটা ভাটৌ। জীৱনদাই তত্ক্ষণাত জতকীয়া বাগানৰ চাংচোৱা বস্তিলৈ চাইকেলৰ পেডেল পকাই দিলে। মাংৰা ঘৰত নাই, কলম কটাৰ বতৰ, কামলৈ গৈছে। জীৱনদাই বাগানতে গৈ মাংৰাক লগ ধৰিলে। কলে, অতি সোনকালে ভাটৌ পোৱালি এটা লাগে। সিঁহতেতো ৰাতি ৰাতি বাগানৰ মাজৰ শিৰীষৰ ডাল কাটোতে ভাটৌৰ পোৱালি পায়েই, তাৰে এটা জীৱনদাক লাগে। অতি সোনকালে। পইচা যিমান লাগে, দিব। মলুৱাৰ মাইকীটোক সপ্তাহদিনৰ কাৰণে চুলাইৰ দামো এডভাণ্স দি যাব। জীৱনদাৰ চিধা কথা। 

কথা মতেই কাম। দুদিনমানৰ পাছতে এদিন ৰাতিপুৱা মাংৰা আহি জীৱনদাৰ ঘৰত হাজিৰ। হাতত এটা চৰাইৰ পোৱালি, চিঁচিয়াই আছে। ভাটৌ নাপালে, চুতীয়া শালিকাৰহে পোৱালি সেইটো। হবনে? ব দে, নাই মোমাইতকৈ কণা মোমায়ে ভাল। কেতিয়াবা কেতিয়াবা ভাটৌতকৈ চুতীয়া শালিকাই সোনকালেহে মাত লয়। বন্দৱস্তিমতেই দা-দক্ষিণা লৈ মাংৰা ঘৰমুৱা হল। 

মামুক এতিয়া পাই কোনে? পুৱাৰপৰা ৰাতিলৈকে চৰাইটোৰ লগতে লাগি থাকে। প্ৰথম দিনাতো স্কুললৈও নগল। তাই চৰাইটোৰ নাম থৈছে ভকতিউৰি যাব নোৱাৰাকৈ জীৱনদাই ভকতিৰ পাখিবোৰ চুটিকৈ কাটি দিলে। পদৰামৰ বাপেকৰ হতুৱাই সজা এটাও বনাই আনিলে। নিজে ভোকত থাকিলেও ভকতিক সময়মতে চাউল আৰু পানী দিবলৈ মামুৱে কেতিয়াও নাপাহৰিলে। কম দিনৰ ভিতৰতে ভকতি হৈ পৰিল মামুৰ অত্যন্তু বিশ্বস্ত সহচৰ। 

ভকতিয়ে এদিন মাত ললে। মামু, অ মামু, দেতা, কত গলি”, মা, ভাত দে”  আদি কথাবোৰ সলসলাই ফুটিবলৈ ললে ভকতিৰ মুখত। ঘৰত মানুহ নাই, আলহী আহিছে- এনেধৰণৰ কথাবোৰ শুনিবলৈ মামুৰ লগৰবোৰো ঘনাই যোৱা হল সিহঁতৰ ঘৰলৈ। মুঠতে ভকতি হৈ পৰিল মামুহঁতৰ ঘৰৰ চতুৰ্থজন সদস্য। 

মামুহঁতৰ বাবে ভকতি যেনেকুৱা, ৰাজীৱদাহঁতৰ বাবে আকৌ টমো তেনেকুৱা। টম ৰাজীৱদাহঁতৰ পোহনীয়া কুকুৰটোৰ নাম। নামটো বিলাতী হলেও টম থলুৱা সঁচৰেই, অৱশ্যে ৰাজীৱদাহঁতে তাক যেনেকৈহে ৰাখে, লোকেল ভতুৱা বুলি কবৰো সত নাযায়। সঁদাই এপেকেট এটকীয়া ক্লিনিক প্লাছ ছেম্পুৰে গা ধুৱায়, ডিঙিৰ ফিটাডালো চাফ-চিকুণকৈ ৰাখে। টম খোৱা-বোৱাতো চিকচাক, আনৰ ঘৰত সতকাই একো মুখত নিদিয়ে, তাৰ কাৰণে আছুতীয়াকৈ থোৱা কাঁহীখনত দিয়া ভাতহে সি খায়। অকল নিজা ঘৰখনৰ বাবেই নহয়, ওচৰ-চুবুৰীয়া কেইঘৰৰ লগতে ৰাজীৱদাৰ গেলামালৰ দোকানলৈ অহা নিয়মীয়া গ্ৰাহকবোৰৰ বাবেই টম অতি চিনাকি, অতি মৰমৰ। 

সেই টমৰ ওপৰতে এদিন এক ভয়াৱহ অভিযোগ উত্থাপিত হল। জীৱনদাৰ জীয়েক মামুৰ জীউটো সদৃশ ভকতি নামৰ চৰাই পোৱালিটোক এদিন সিহঁতৰ পাছফালৰ চোতালত মৃত অৱস্থাত পোৱা গল। সেইদিনা মামুহঁতৰ ঘৰত কোনো নাছিল, তাই স্কুললৈ গৈছিল, বাপেক গৈছিল টাউনলৈ আৰু মাকে খুৰীয়েকহঁতৰ ঘৰত তাঁত বৈ আছিল। স্কুলৰ পৰা আহি পোনেই মামুৱেই ভকতিৰ নিথৰ দেহ প্ৰত্যক্ষ কৰিলেহি।
 

মুহুৰ্ততে হুৱা-দুৱা লাগি গল। মামুৰতো কথাই নাই, মাক, খুৰীয়েক, খুৰীয়েকৰ জীয়েক আৰু টাউনৰ পৰা আহি পোৱাৰ পাছত জীৱনদাৰো চকু সেমেকি উঠিল। মামুক সান্ত্বনা দিবলৈ ওচৰ-চুবুৰীয়াই ভাষা বিচাৰি নোপোৱা অৱস্থাৰ উদ্ৰেক হল। সেইসময়তে বতাহত উৰি অহাদি খবৰ এটা আহি মামুহঁতৰ কাণত পৰিলহি, আজি দুপৰীয়া ৰাজীৱদাহঁতৰ টম নামৰ কুকুৰটোক জীৱনদাহঁতৰ ঘৰৰ পৰা ওলাই যোৱা দেখিছিল কোনো কোনোৱে। মামুহঁত, বিশেষকৈ জীৱনদা নিশ্চিত হল, হয়, এই হাৰামজাদা টমেই আমাৰ ভকতিক মাৰিলে।
 ভকতিৰ মৃতদেহ লগত লৈ মামু, মামুৰ মাক, জীৱনদা সকলো আহি ৰাজীৱদাহঁতৰ চোতালত ধৰ্ণা দিলেহি, হত্যাকাৰী টমক তেওঁলোকৰ হাতত গটাই দিব লাগে। ভকতি হত্যাৰ প্ৰতিশোধ লবই তেওঁলোকে।
 

ইফালে ৰাজীৱদাহঁতো নাচোৰবান্দা। তেওঁলোকৰ মৰমৰ টমে তেনেকুৱা নীচ কাম কৰিবই নোৱাৰে। টমৰ ওপৰত মিছা অভিযোগ অনা হৈছে। টম নিৰ্দোষ। 

পৰিস্থিতি ক্ৰমাত্ উত্তপ্ত হৈ উঠিল। গোটেই গাঁৱৰ মানুহ গোট খালে। ভকতি, টম দুয়োৰে হৈ ওকালতি কৰা মানুহ ওলাল। তাৰ মাজতে টমক জীৱনদাহঁতৰ ঘৰৰ পৰা ওলাই অহা দেখা মানুহো এজন ওলাল। এজনে আকৌ টমৰ মুখত চৰাইৰ পাখি এটাও লাগি থকা দেখিছিল বুলি জনালে। ৰাইজ পতিয়ন গল। টমেই সেই হত্যাকাৰী। তাক শাস্তি নিদিলে ভকতিৰ প্ৰতি ন্যায় কৰা নহব। সেয়ে টমে শাস্তি পাবই লাগিব। দফা ৩০২ৰ অধীনত তাৰ শাস্তি হব মৃত্যুদণ্ড। 

অনন্তদাৰ হাতত টমক তুলি দিয়া হল। লগত আৰু দুটা লৰা। তেওঁলোকক কোৱা হল, টমক নি হাবিৰ মাজৰ গছপুলি এটাত শিকলিডালেৰে বান্ধি থৈ আহিব লাগে। কুকুৰৰ গোন্ধ পাই বনৰজাই আহি এনেয়েও তাক খাই পেলাব। তেওঁলোকে তাকেই কৰিলে। টমক হাবিৰ মাজত এৰি অহা হল। 

দুটা নিৰ্বোধ জীৱৰ অকাল বিয়োগত দুঘৰ মানুহৰ উচুপনিৰ শব্দত গাঁৱৰ পৰিৱেশ জয়াল হৈ পৰিল। অকল তেওঁলোক দুঘৰৰে নহয়, গোটেই ঘটনাটো প্ৰত্যক্ষ কৰা আন কাৰো কাৰোবাৰ আখলতো সেই সন্ধিয়া জুই নজ্বলিল। আনদিনা ৰাতি দহ বজালৈকে মানুহেৰে গিজগিজাই থকা ৰাজীৱদাৰ দোকান ফুটগধূলিতে বন্ধ হল। মলুৱাৰ ভাটীৰ নিয়মীয়া কাষ্টমাৰ অনন্তদাই সেইদিনা এবটল চুলাই বেছিকৈ খালে। জীৱনদায়ো। কিন্তু শুই থকা গাঁওখনৰ নিস্তব্ধতা ভাঙি আনদিনাৰ দৰে তেওঁৰ মুখত সেইদিনা মন হীৰা দৈ, চাইকেল নহয় টিলিঙা শুনা নগল। সেমেকা কণ্ঠেৰে সেইদিনা ৰাতি তেওঁ বিৰবিৰাই আহিছিল – অথিৰ ধন জন, জীৱন যৌৱন, অথিৰ এহু সংসাৰ...

Sunday, May 17, 2015

বান্দৰ কিনোতা ব্যৱসায়ীজন

এসময়ত এখন চহৰত বান্দৰে বহুত উপদ্ৰৱ কৰিছিল। চহৰৰ বাসিন্দাসকল বান্দৰৰ অত্যাচাৰত অতীষ্ঠ হৈ উঠিছিল। তেনে সময়তে চহৰত দূৰৈৰ কোনোবা ঠাইৰ পৰা অহা এজন নতুন ব্যৱসায়ীৰ আৱিৰ্ভাৱ ঘটিল। তেওঁ ক’লে যে কোনোবাই যদি বান্দৰ ধৰিব পাৰে ধৰক, প্ৰতিটো বান্দৰৰ বিনিময়ত তেওঁ ধৰোতাঁজনক ১০০ টকাকৈ দিব। বান্দৰ ধৰিবৰ বাবে চহৰবাসী উবুৰি খাই পৰিল। দুদিনৰ ভিতৰতে শ শ বান্দৰ ধৰা হ’ল আৰু সকলোবোৰ ব্যৱসায়ীজনে কিনি ল’লে। ব্যৱসায়ীজনে আকৌ ঘোষণা কৰিলে যে তেওঁ এইবাৰ প্ৰতিটো বান্দৰৰ বাবে ২০০ টকাকৈ দিব। এইবাৰো চহৰবাসীয়ে বান্দৰ ধৰাৰ বাবে চেষ্টাৰ কোনো ত্ৰূটি নকৰিলে। বান্দৰো প্ৰায় শেষ হৈ আহিল। ব্যৱসায়ীজনে এইবাৰ প্ৰতিটো বান্দৰৰ বিনিময়ত ৩০০ টকাকৈ দিয়াৰ ঘোষণা কৰিলে। চহৰবাসীয়ে অৱশিষ্ট বান্দৰকেইটাও ধৰি আনি ব্যৱসায়ীজনক বিক্ৰী কৰিলে। চহৰখন একেবাৰে বান্দৰমুক্ত হ’ল। ব্যৱসায়ীজনে এইবাৰ ঘোষণা কৰিলে যে তেওঁ আৰু বান্দৰ কিনিব খোজে আৰু প্ৰতিটো বান্দৰৰ বিনিময়ত তেওঁ এইবাৰ ১০০০ টকাকৈ দিব। কিন্তু চহৰবাসীয়ে আৰু এটাও বান্দৰ বিচাৰি নাপালে। সকলোৱে আক্ষেপ কৰিবলৈ ধৰিলে - যদি আৰু কেইটামান বান্দৰ ধৰিব পৰা গ’লহেতেন!



ব্যৱসায়ীজন এইবাৰ কাষৰ চহৰখনলৈ গ’ল আৰু যাবৰ সময়ত কৈ গ’ল যে কোনোবাই বান্দৰ ধৰিব পাৰিলেই যেন তেওঁক খবৰ দিয়া হয়, ১০০০ টকাকৈ তেওঁ চব বান্দৰ কিনি ল’ব। কিনি লোৱা বান্দৰবোৰ থোৱা গৰালটোৰ ৰখীয়া হিচাপে তেওঁ নিজৰ চাকৰটোক ৰাখি থৈ গ’ল। ইফালে চহৰবাসীয়ে টকাৰ লোভত বান্দৰ বিচাৰি বিচাৰি হায়ৰাণ হৈ গ’ল। তাকে দেখি গৰালৰখীয়া চাকৰটোৱে গাঁৱৰ কেইজনমান মানুহক ক’লে যে প্ৰতিটো বান্দৰত ৫০০ টকাকৈ দিলে তেওঁ গৰালৰ অলপ বান্দৰ মনে মনে বিক্ৰী কৰিব পাৰিব, কিন্তু এই কথা যাতে কোনেও তেওঁৰ মালিকক কৈ নিদিয়ে। গাঁৱৰ সুযোগসন্ধানী লোককেইজনে এই সুযোগ অথলে যাবলৈ নিদিলে আৰু গৰালৰখীয়া চাকৰটোক প্ৰলোভিত কৰি ৫০০ টকাকৈ গোটেইবোৰ বান্দৰ কিনি ল’লে।

তাৰ পাছদিনাৰ পৰা চাকৰটো আৰু ব্যৱসায়ীজনৰ কোনো এজনকে ক’তো বিচাৰি পোৱা নগ’ল।


(ইণ্টাৰনেটত পঢ়া এটা সাধুৰ আলমত)

Tuesday, March 31, 2015

একে একে এঘাৰ

সাগৰৰ পাৰত প্ৰাতঃভ্ৰমণ কৰিবলৈ যোৱা মানুহ এজনৰ এদিন চকুত পৰিল যে ৰাতিপুৱাৰ ঢৌবোৰে পাৰত খুন্দিওৱাৰ সময়ত জাকে জাকে তৰামাছ লগতে কঢ়িয়াই আনে আৰু ঢৌবোৰ আঁতৰি যোৱাৰ পিছত সেই তৰামাছবোৰ বালিতে পৰি ৰয়। কিন্তু সেইবোৰ বেছি পৰলৈ জীৱিত হৈ নৰয়। দুপৰীয়াৰ ৰদৰ প্ৰখৰ তাপত চটফটাই সিঁহতে কিছু সময়ৰ পাছতে মৃত্যুক সাবটি লয়।


 তৰামাছবোৰৰ দুৰ্দশাৰ এই দৃশ্যই মানুহজনৰ অন্তৰত বৰকৈ ৰেখাপাত কৰিলে। তেওঁ জীয়াই থকা তৰামাছ কেইটামান হাতত তুলি ললে আৰু এটা এটাকৈ দূৰৈৰ পানীলৈ বুলি দলিয়াই দিলে। তেওঁৰ এই কাৰ্যকলাপ বহুপৰ ধৰি আঁতৰৰ অন্য এজন মানুহ এজনে প্ৰত্যক্ষ কৰি আছিল। এবাৰ তেওঁ প্ৰথম মানুহজনৰ ওচৰলৈ আহিল আৰু সুধিলে, আপুনিনো এয়া কি কৰিব খুজিছে? গোটেই পাৰটোত হাজাৰ-বিজাৰ তৰামাছ পৰি আছে। এনেকৈ এটা-এটাকৈ পানীলৈ দলিয়াই আপুনিনো সিহঁতৰ কেইটাক বচাব পাৰিব? আপোনাৰ এই সামান্য প্ৰয়াসে সেই হাজাৰ-বিজাৰ তৰামাছৰ ভাগ্যলৈনো কি পৰিৱৰ্তন আনিব?” মানুহজনে দ্বিতীয় লোকজনৰ প্ৰশ্নৰ কোনো উত্তৰ নিদিলে। তাৰ পৰিৱৰ্তে তেওঁ কেইখোজমান আগুৱাই আৰু এটা তৰামাছ বুটলি ললে আৰু তাক পানীলৈ দলিয়াই নিজকে নিজে কলে, মোৰ এই কামে এই তৰামাছটোৰ ভাগ্যলৈ পৰিৱৰ্তন আনিব।
………………………......….. আমি কৰি থকা কামবোৰে সমাজৰ দুখ-দুৰ্দশা দূৰ কৰিব পৰাকৈ কিবা পৰিৱৰ্তন আনিব পাৰিছেনে? পৰিৱৰ্তনৰ প্ৰভাৱ কিমান ডাঙৰ বা সৰু, সেয়া বিচাৰ্য বিষয় নহয়। যদি আমাৰ কামে সমাজৰ হিতৰ অৰ্থে ক্ষুদ্ৰাতিক্ষুদ্ৰ পৰিৱৰ্তনৰো সূচনা কৰিব পাৰিছে, সেয়াই ডাঙৰ কথা। সাগৰৰ পানীলৈ পাৰৰ তৰামাছ এটা দলিয়াই সেই তৰামাছটোৰ জীৱন ৰক্ষা কৰা সেই মানুহজনৰ দৰেই যদি আমি প্ৰত্যেকেই এটা এটা সৰু পৰিৱৰ্তনসূচক কাম কৰোঁ, তেন্তে সামগ্ৰিকভাৱে ই এক বৃহত্ সামাজিক পৰিৱৰ্তনৰ ৰূপ লবগৈ আৰু আমাৰ সমাজখনক অধিক অৱক্ষয়ৰ পৰা ৰক্ষা কৰিব। আহকচোন, এনে এক কাংক্ষিত বিৰাট পৰিৱৰ্তনৰ কুচকাৱাজ আমাৰ নিজৰ পৰাই আৰম্ভ কৰোহঁক। 

(ইণ্টাৰনেটত পঢ়া অনামী লেখকৰ এটা প্ৰেৰণাদায়ক সাধুৰ আলমত)

Tuesday, March 24, 2015

জলসংকট, বিশ্ব জল দিৱস, ‘জীৱনৰ বাবে পানী’ ইত্যাদি

পঢ়াশলীয়া দিনবোৰত ‘কুঁহিপাঠ’ৰ পাতত পঢ়া পানীৰ আত্মবৰ্ণনাই সেই বয়সতে আমাৰ মনৰ পথাৰত পানীৰ গুৰুত্ব ৰোপিত কৰাইছিল যদিও তেতিয়া এই কথা অনুধাৱন কৰাৰ বয়স আমাৰ হোৱা নাছিল যে পৃথিৱী নামৰ আমাৰ গোলকীয় গ্ৰহটোৰ তিনি-চতুৰ্থাংশ আৱৰি থকা সত্ত্বেও তৃষ্ণা নিবাৰণৰ বাবে এটোপাল পানী বিচাৰি এদিন মানুহে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ’ব৷ কিন্তু বিধিৰ দুৰ্বিপাকত এই ভয়াৱহ দিনবোৰেই এদিন সাকাৰ ৰূপ ল’বলৈ গৈ আছে৷ পানী জীৱৰ জীৱন ধাৰণ আৰু পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষাৰ বাবে এক অনিবাৰ্য পূৰ্বচৰ্ত৷ পৰিচ্ছন্নতাৰ বুনিয়াদস্বৰূপ অনাময় ব্যৱস্থাৰ আধাৰো এই পানীয়েই৷ কিন্তু ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনতেই প্ৰকাশ যে বিশ্বৰ প্ৰতি দহজন লোকৰ ভিতৰৰ দুজনেই নিৰাপদ খোৱাপানীৰ উত্সৰ পৰা বঞ্চিত৷ প্ৰতিবছৰে নিযুতৰ ঘৰত লোক পানীজনিত ৰোগত মৃত্যুমুখত পৰে, চিন্তনীয়ভাৱে তাৰে অধিকাংশই হৈছে শিশু৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে এই কাৰণৰ বাবেই বিশ্বত প্ৰতিদিনে প্ৰায় ৩,৯০০টা শিশুৱে মৃত্যুক সাবটি লয়, যিটো শিশুৰ মৃত্যুৰ দ্বিতীয় ভয়াৱহ কাৰক৷ খোৱাপানীৰ সংকট, পানীৰ নিম্ন মান আৰু অনাময়ৰ অপৰ্যাপ্ততাই বিশ্বজুৰি খাদ্য, বাসস্থান আৰু শিক্ষাৰ সা-সুবিধাৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায়৷ পানীৰ লগত জড়িত প্ৰাকৃতিক দুৰ্যোগ যেনে বান, সামুদ্ৰিক ধুমুহা, ছুনামি আদিয়ে জীৱ-জগতৰ প্ৰতি সময়ে সময়ে প্ৰবল প্ৰত্যাহবান জনাই আহিছে৷ বিপৰীতে বিশ্বৰ বহুসংখ্যক দেশ বছৰৰ পিছত ধৰি খৰাঙৰ দ্বাৰা পীড়িত হৈছে, যাৰ ফলত অপুষ্টি আৰু ক্ষুধাই তাৰ অধ্বসীসকলক পিষ্ট কৰি আনিছে৷ কৃষিক্ষেত্ৰ আৰু শক্তি উত্পাদনৰ বাবেও পানীৰ অপৰিহাৰ্যতা অনস্বীকাৰ্য৷ বিশ্বৰ খনিজ, পদাৰ্থৰ ভাণ্ডাৰ ক্রমান্বয়ে টুটি আহিছে৷ খনিজাত ইন্ধন খাৰুৱা তেল আৰু কয়লাৰ বিকল্প হিচাপে শক্তিৰ নৱীকৰণযোগ্য উত্সৰ নিৰ্ভৰযোগ্যতা ক্রমান্বয়ে বৃদ্ধি পাইছে৷ সেয়ে বিশ্বত জলবিদ্যুত প্ৰকল্পৰ মাধ্যমেৰে উত্পাদিত শক্তিৰ প্ৰতি অধিক অগ্ৰাধিকাৰ দিয়া দেখা গৈছে৷ প্ৰাপ্ত তথ্য মতে ২০৩০চনলৈ নৱীকৰণযোগ্য শক্তিৰ চাহিদা প্ৰায় ৬০শতাংশ বৃদ্ধি পাব৷ একেদৰে ২০০৭চনৰ পৰা ২০৩৫চনলৈ গোলকীয়ভাৱে শক্তিৰ ব্যৱহাৰো প্ৰায় ৫০শতাংশ বাঢ়িব৷ ২০৫০চনলৈ কৃষিক্ষেত্ৰত ব্যৱহৃত পানীৰ চাহিদাও ১৯শতাংশ বৃদ্ধি পাব৷ সামগ্ৰিকভাৱে ২০৩৫চনলৈ পানীৰ চাহিদা বৃদ্ধি পাব প্ৰায় ৮৫শতাংশ৷ কিন্তু হতাশজনকভাৱে বিশ্বৰ প্ৰায় ২.৮বিলিয়ন লোকে পানীৰ উচ্চ অভাৱগ্ৰস্থ অঞ্চলত আজিও বাস কৰে৷

এই কথা নিশ্চিত যে এক সুচিন্তিত কৰ্মপন্থাৰেহে পানীৰ এই সম্ভাব্য গোলকীয় সংকটৰ সমাধান সূত্ৰ উদ্ভাৱন কৰিব পৰা যাব৷ তাৰ বাবে প্ৰয়োজন হ’ব বিশ্বৰ চুকে-কোণে প্ৰতিজন লোকৰে মাজত এই বিষয়ক লৈ সজাগতাৰ সৃষ্টি হোৱাটো৷ এই উদ্দেশ্য আগত ৰাখিয়েই ১৯৯২চনত ব্ৰাজিলৰ ৰিঅ’ দ্য জেনেৰিঅ’ চহৰত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আৰু উন্নয়ন সন্মিলনত জল সংৰক্ষণৰ সজাগতাৰ বাবে এটা বিশেষ দিন উদ্‌যাপনৰ প্ৰস্তাৱ লোৱা হয়৷ সেইমতেই ১৯৯৩ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ২২ মাৰ্চৰ দিনটোক বিশ্ব জল দিৱসৰূপে ঘোষণা কৰে৷ ৰাষ্ট্ৰসংঘ, ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহৰ লগতে বহুসংখ্যক স্বেছাসেৱী সংগঠনেও পানীৰ এই জটিল সমস্যাটোৰ প্ৰতি জনসাধাৰণৰ দৃষ্টি আকৰ্ষণৰ বাবে বিশ্ব জল দিৱসত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰে৷ প্ৰতিবছৰে এই দিৱসৰ বাবে এটা মূল বিষয় বাছনি কৰাৰ লগতে নিৰ্দিষ্ট অন্তৰালত এই দিৱসৰ দিনা ৰাষ্ট্ৰসংঘৰ বিশ্ব জল উন্নয়ন প্ৰতিবেদনো প্ৰকাশ পায়৷ চলিত বৰ্ষৰ বাবে এই দিৱসৰ মূল বিষয় হৈছে– ‘পানী আৰু বহনক্ষম উন্নয়ন’৷

বিশ্ব জল দিৱস, ২০১৫ : পানী আৰু বহনক্ষম উন্নয়ন

বহনক্ষম উন্নয়নৰ ধাৰণাটোৰ মূল অভিকেন্দ্ৰই হৈছে পানী৷ জলসম্পদৰাজি আৰু ই আগবঢ়োৱা সেৱাসমূহে দৰিদ্ৰতা দূৰীকৰণ, অৰ্থনৈতিক বিকাশ আৰু পাৰিৱেশিক বহনক্ষমতা শক্তিশালী কৰে৷ খাদ্য আৰু শক্তি নিৰাপত্তা সুনিশ্চিত কৰাৰ পৰা মানৱ জাতিৰ স্বাস্থ্য আৰু সুস্থ পৰিৱেশ বৰ্তাই ৰখালৈকে পানীয়ে সদায়েই সামাজিক কল্যাণ আৰু সৰ্বাত্মক বিকাশৰ প্ৰক্রিয়া উন্নীত কৰাত অৰিহণা যোগায়৷ বহনক্ষম উন্নয়নৰ অন্যতম পূৰ্বচৰ্ত শক্তিৰ লগত পানীৰ সম্পৰ্ক অতি নিবিড় আৰু ইহঁত দুয়ো পৰম্পৰৰ ওপৰত দৃঢ় নিৰ্ভৰশীল৷ শক্তিৰ উত্পাদন আৰু সংবহনত জলসম্পদ প্ৰভূতভাৱে ব্যৱহৃত হয়৷ একেদৰেই বিশ্বজুৰি উত্পাদিত শক্তিৰ প্ৰায় ৮শতাংশই জল উত্তোলন, পৰিশোধন আৰু উপভোক্তাসকলৰ মাজত বিতৰণৰ কাৰ্যত ব্যৱহাৰ কৰা হয়৷ পানী আৰু বহনক্ষম উন্নয়নৰ এই পাৰস্পৰিক সম্পৰ্কৰ দিশটোৰ প্ৰতি বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰাৰ বাবেই ৰাষ্ট্ৰসংঘ আৰু ইয়াৰ সহযোগী ৰাষ্ট্ৰবোৰে ২০১৫ বৰ্ষৰ আন্তৰ্জাতিক জল দিৱসত এই বিষয়টোক মুখ্য বিষয়ৰূপে গ্ৰহণ কৰিছে৷ আমাৰ জীৱন-যাপনৰ প্ৰতিটো দিশৰ লগতে পানী কেনেদৰে জড়িত আৰু ই আমি বিচৰা ভৱিষ্যতটো সৃষ্টি কৰাত কেনেদৰে সহায় কৰিব পাৰে সেই বিষয়ত সজাগতা আৰু আলোচনাৰ দুৱাৰ মুকলি কৰাই এইবছৰৰ জল দিৱস উদ্‌যাপনৰ মূল উদ্দেশ্য৷

‘জীৱনৰ বাবে পানী’ শীৰ্ষক আন্তৰ্জাতিক দশক, ২০০৫-২০১৫

জীৱন ধাৰণৰ বাবে এক অন্যতম মৌলিক প্ৰয়োজন হোৱা সত্ত্বেও পানীৰ ব্যৱহাৰ আৰু ইয়াৰ সংকটৰ প্ৰতি বিশ্ববাসী দীৰ্ঘদিন ধৰি উদাসীন হৈ আছিল৷ কিন্তু বিগত দশকটোত এই সংকটে ভয়াৱহ ৰূপ ধাৰণ কৰাত বিশ্বৰ সচেতন মহল ক্রমান্বয়ে এই বিষয়ত সজাগ হৈ উঠিছে৷ ২০০০ চনৰ ছেপ্টেম্বৰ মাহত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ সহস্ৰাব্দ সন্মিলনত বিশ্বৰ নেতাসকলৰ উপস্থিতিত ‘সহস্ৰাব্দ ঘোষণা-পত্ৰ’ গ্ৰহণ কৰা হয়৷ এই ঘোষণাপত্ৰত বিশ্বৰ দৰিদ্ৰ নাগৰিকসকলৰ কল্যাণৰ বাবে ‘সহস্ৰাব্দৰ উন্নয়ন লক্ষ্য’ শীৰ্ষক কিছুসংখ্যক সময়সাপেক্ষ লক্ষ্য সন্নিৱিষ্ট কৰা হয়৷ ইয়াৰ ১০ নং লক্ষ্যটোৱেই আছিল নিৰাপদ খোৱাপানীৰ বহনক্ষম সা-সুবিধা লাভ নকৰাকৈ জীৱন নিৰ্বাহ কৰা লোকৰ পৰিমাণ আধালৈ হ্ৰাস কৰা৷ ২০০২চনৰ বহনক্ষম উন্নয়নৰ বাবে জোহান্সবাৰ্গ বিশ্ব সন্মিলনত এই লক্ষ্যক পৰিবৰ্ধিত কৰি অনাময়ৰ মৌলিক সা-সুবিধাকো ইয়াৰ লগত সামৰি লোৱা হয়৷ জোহান্সবাৰ্গ সন্মিলনৰ পাছৰ পৰা এই ক্ষেত্ৰত সজাগতা বৃদ্ধি পোৱাত সৰ্বসাধাৰণৰ বাবে পৰিষ্কাৰ খোৱাপানী আৰু মৌলিক অনাময়ৰ সা-সুবিধা সহজলভ্য কৰি তোলাত যথেষ্ট অগ্ৰগতি লাভ কৰা গৈছে যদিও দৰিদ্ৰতম লোকসকলক এই সেৱাৰ অধিকতৰ প্ৰদান সুনিশ্চিত কৰাৰ বাবে এতিয়াও বহুতো কৰণীয় আছে৷ এই কথা মনত ৰাখি জল আৰু শক্তিক্ষেত্ৰৰ বহনক্ষম বিকাশ ত্বৰাতি কৰাৰ বাবে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ২০০৩ চনৰ ডিচেম্বৰত এক প্ৰস্তাৱযোগে ২০০৫-২০১৫ বৰ্ষৰ সময়ছোৱাক ‘জীৱনৰ বাবে পানী’ৰ হকে কাম কৰাৰ আন্তৰ্জাতিক দশকৰূপে ঘোষণা কৰে (International Decade for Action 'Water for Life')৷ ২০০৫চনৰ ২২মাৰ্চত বিশ্ব জল দিৱসৰ দিনাৰ পৰা এই দশকটো আনুষ্ঠানিকভাৱে আৰম্ভ হয়৷ চলিত বছৰৰ বিশ্ব জল দিৱসত এই কাৰ্যসূচীৰ অন্ত পৰিব৷

জলসংকট আৰু আমাৰ মুলুকত ইয়াৰ প্ৰভাৱ

খোৱাপানীৰ বিশ্বজনীন সংকটৰ কলীয়া ডাৱৰে ভাৰতবৰ্ষৰ আকাশৰো এক বিস্তীৰ্ণ অংশ অন্ধকাৰাছন্ন কৰি তুলিছে৷ ভাৰতৰ ক্ষেত্ৰত এই সমস্যাটো অধিক স্পৰ্শকাতৰ এইবাবেই, কিয়নো আমাৰ দেশখন হৈছে বিশ্বৰ দ্বিতীয় জনবহুল ৰাষ্ট্ৰ৷ জনসংখ্যাবিদসকলে অংক কৰি পাইছে যে ২০৫০চনমানত দেশৰ জনসংখ্যাই ১৬০কোটি অতিক্রম কৰি চীনৰ পৰা বিশ্বৰ শীৰ্ষস্থান কাঢ়ি ল’ব৷ জনসংখ্যাৰ সমান্তৰালভাৱে দেশত খোৱাপানীৰ চাহিদাও বিপজ্জনকভাৱে বাঢ়ি যাব৷ ২০০১চনত দেশৰ জনসংখ্যা ১০০কোটি অতিক্রম কৰাৰ সময়তে দেশৰ ৬৮.২শতাংশ পৰিয়ালেহে নিৰাপদ খোৱাপানীৰ সুবিধা লাভ কৰিছিল বুলি লোকপিয়লৰ তথ্যত প্ৰকাশ পাইছে৷ বিগত দশকটোত এই পৰিসংখ্যাৰ সামান্য উন্নতি ঘটিলেও বৰ্ধিত জনসংখ্যাৰ তুলনাত সি নিচেই নগণ্য৷ প্ৰাপ্ত তথ্যমতে, দেশৰ প্ৰায় ৩৭.৭মিলিয়ন লোক প্ৰতিবছৰে বিভিন্ন পানীজনিত ৰোগৰ দ্বাৰা আক্রান্ত হয় আৰু চিন্তনীয়ভাৱে ইয়াৰ শতকৰা ৭৫ভাগতকৈও অধিক হৈছে শিশু৷ খোৱাপানীৰ বাবে ভূ-জলৰ ওপৰত অধিক নিৰ্ভৰশীল হোৱা বাবে এই সংকট অধিক গাঢ়তৰ হৈছে, কিয়নো ফ্লুৰাইড, আৰ্ছেনিক আদি মাৰাত্মক বিহে দেশৰ বহু অংশৰ ভূ-জল বিষময় কৰি তুলিছে৷ দেশৰ ২০খন ৰাজ্যৰ প্ৰায় ৬৬মিলিয়ন লোক সম্প্ৰতি অত্যধিক ফ্লুৰাইড বিশিষ্ট পানী সেৱনৰ ফলত হ’ব পৰা বিপদাশংকাত ভুগিছে৷ 

খোৱাপানীৰ এই ভয়াবহ সংকটে নদীমাতৃক ৰাজ্য অসমকো ৰেহাই দিয়া নাই৷ বাৰিষাৰ বানৰ তাণ্ডৱে খোৱাপানীৰ প্ৰাকৃতিক উত্সসমূহ প্ৰদূষিত কৰাৰ সমান্তৰালভাৱে বিগত কিছুবছৰৰ পৰা খৰালি অহাৰ লগে লগেই ৰাজ্যৰ প্ৰায়বোৰ নদীতেই জলস্তৰ অভাৱনীয়ভাৱে নিম্নগামী হ’বলৈ আৰম্ভ কৰাও দেখা গৈছে৷ মহাবাহু ব্ৰহ্মপুত্ৰকো ই বাদ এৰা নাই৷ গোলকীয় উষ্ণতা বৃদ্ধিৰ পাৰ্শ্ব প্ৰভাৱস্বৰূপে জলবায়ুৱে ইয়াৰ স্বাভাৱিকতা হেৰুৱাই পেলোৱাত আমাৰ ৰাজ্যখনতো বৰষুণৰ পৰিমাণ উদ্বেগজনক ভাৱে হ্ৰাস পাইছে৷ ফলত খৰাংসদৃশ পৰিস্থিতিৰ কবলত পৰা অঞ্চল ক্রমান্বয়ে বৃদ্ধি পাইছে৷ ৰাজ্যৰ বেছ কিছুসংখ্যক সৰু-বৰ উপনৈৰ লগতে বহুবোৰ জলাশয় ফাগুন-চ’তমহীয়া একেবাৰে শুকাই যোৱাও চকুত পৰিছে৷ ভূ-জলৰ লগতে ভূ-গৰ্ভস্থ জলৰ স্তৰ ক্রমান্বয়ে নিম্নগামী হোৱাৰ ফলতেই এনে হোৱা বুলি অনুমান কৰা হৈছে৷ ৰাজ্যৰ বহু স্পৰ্শকাতৰ অঞ্চলৰ পানীত বিপজ্জনকভাৱে ফ্লুৰাইড আৰু আৰ্ছেনিকৰ উপস্থিতি ধৰা পৰিছে৷ এনে বিষাক্ত পানী সেৱনৰ ফলত জলসম্ভূত ৰোগসমূহেও সঘনাই দেখা দিবলৈ আৰম্ভ কৰিছে৷ চহৰ-নগৰবোৰত খোৱাপানীৰ এই সংকট অধিক জটিলতৰ হৈছে৷ উদ্যোগীকৰণৰ লগে লগে নগৰাঞ্চলৰ পৰিসৰো ক্রমান্বয়ে বৃদ্ধি পাইছে৷ ফলত ওখ ওখ অট্টালিকা নিৰ্মাণৰ সমান্তৰালভাৱে ভূ-গৰ্ভৰ বহু গভীৰতাৰ পৰা জল উত্তোলন কৰাৰ ফলত এই ঠাইবোৰত ভূ-গৰ্ভস্থ জলৰ স্তৰ দ্ৰুতভাৱে অধোগামী হৈছে৷ ফলত বৰ্ষাকালৰ বিদায়ৰ লগে লগে কুঁৱা, পুখুৰী, কম গভীৰতা বিশিষ্ট নলীনাদ আদিৰ পৰা পানীয়েও বিদায় ল’বলৈ আৰম্ভ কৰিছে৷

জলসংকটৰ ভয়াবহতাৰ পৰা জনসাধাৰণক সকাহ দিবলৈ চৰকাৰে সময়ে সময়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে যদিও জনসাংখ্যিক দৃষ্টিকোণৰ পৰা এয়াই নিশ্চয় পৰ্যাপ্ত নহয়৷ বৰ্ধিত জনসংখ্যা, দ্ৰুত উদ্যোগীকৰণ, নগৰীকৰণ, পৰিৱৰ্তিত জলবায়ু আদি কাৰকৰ বিপৰীতে খোৱাপানী বা অন্যান্য জলৰ ক্রমবৰ্ধিত চাহিদাৰ জোৰা মৰাৰ বাবে চৰকাৰ, জনসাধাৰণ সকলোৰে বহুতো কৰণীয় আছে৷ জলসম্পদত অতি সমৃদ্ধ ৰাজ্য হৈও অসমে ইয়াৰ সম্পদৰাজিক আজিকোপতি সম্পূৰ্ণৰূপত কামত লগাব পৰা নাই৷ এইক্ষেত্ৰত এক সু-পৰিকল্পিত আঁচনিৰে আগবাঢ়িব লাগিব৷ বৰষুণৰ পানী সংৰক্ষণ, ব্যৱহৃত পানীৰ পুনৰুদ্ধাৰৰ বাবে পৰিশোধন প্ৰকল্পৰ ব্যৱস্থাত অগ্ৰাধিকাৰ দিব লাগিব৷ ভূ-গৰ্ভস্থ জল ব্যৱহাৰৰ ক্ষেত্ৰত যথেষ্ট সাৱধানতা অৱলম্বন কৰাটোও সমানেই অপৰিহাৰ্য৷ মাথো চৰকাৰেই নহয়, এইক্ষেত্ৰত আমাৰ সকলোৰে সমতি প্ৰচেষ্টাৰো অপৰিসীম গুৰুত্ব আছে৷ ভৱিষ্যতৰ কথা চিন্তা কৰি বৰ্তমানৰ পৰ্যাপ্ততাৰ সময়তো যদি আমি পানীৰ ব্যৱহাৰত হাত ধৰি চলোঁ, ইয়াৰ অপচয় ৰোধ কৰি সংৰক্ষণত হাত উজান দিওঁ, প্ৰাকৃতিক জলাশয়সমূহক প্ৰদূষিত হোৱাৰ পৰা ৰক্ষা কৰোঁ, তেন্তে আমি নিশ্চিতভাৱে আশ্বস্ত হ’ব পাৰিম যে প্ৰাণীৰ প্ৰাণস্বৰূপ এই পানী নামৰ মূল্যৱান সম্পদবিধ কেতিয়াও প্ৰাণীৰ প্ৰাণহৰণৰ কাৰকত পৰিণত নহক্সব৷ বিশ্ব জল দিৱসৰ দৰে গুৰুত্বপূৰ্ণ কাৰ্যসূচী উদ্‌যাপনৰ বেলিকা ইয়াতকৈও বৃহত্তম উপলব্ধি আমাৰ বাবে আন কি হ’ব পাৰে!

Saturday, February 7, 2015

মা, এইপাহ ফুল তোমাৰ বাবে...

ফুলৰ দোকানখনৰ সমুখত গাড়ীখন ৰখাই এজন মানুহে এথোপা ফুলৰ অৰ্ডাৰ দিলে আৰু সেইখিনি দুশ মাইল আঁতৰত থকা তেওঁৰ মাকলৈ কুৰিয়াৰ কৰি দিবলৈ কলে। ফুলৰ দোকানীক প্ৰাপ্য পইচা আদায় দি ঘূৰি যাবলৈ ওলাওঁতেই তেওঁ দোকানখনৰ পৰা কিছু আঁতৰত কণমানি ছোৱালী এজনীক আমন-জীৱনকৈ ৰৈ থকা দেখিলে। মৰমিয়াল মানুহজনে কণমানিজনীক কাষলৈ মাতি আনি তাইনো কিয় মন মাৰি আছে জানিব বিচাৰিলে। তাই দুখেৰে কলে যে নিজৰ মাকৰ বাবে তাই ফুল এপাহ কিনিব বিচাৰিছিল, কিন্তু তাইৰ হাতত মাথোঁ পাঁচ টকাহে আছে। দোকানীয়ে এপাহ ফুলৰ বাবে পোন্ধৰ টকা বিচাৰিছে।

মানুহজনে তাইৰ কথা শুনি হাঁহিলে আৰু তাইক ফুলপাহ কিনি দিলে। মানুহজনে তাইক আৰু কলে যে যদি তাই তেওঁ যোৱাৰ দিশেৰেই যায়, তেন্তে তেওঁৰ গাড়ীতে যাব পাৰিব। তাই সন্তোষেৰে কলে, ভালেই হব, আপুনি মোক মাৰ ওচৰত নমাই থৈ যাব পাৰিব।

কিছুদূৰ যোৱাৰ পাছত তাই ৰাষ্টাৰ কাষৰ এখন কবৰস্থানৰ কাষত গাড়ীখন ৰখাই দিবলৈ মানুহজনক অনুৰোধ জনালে। মানুহজনে দেখিলে যে তাই কবৰস্থানত থকা এখন ফলকৰ কাষত ফুলপাহ থৈছে আৰু আঠুকাঁঢ়ি চুমা খাইছে। তেওঁ বুজিলে যে সেয়া তাইৰ মাকৰ সমাধিস্থল।


হঠাতে মানুহজনৰ বুকুৰ ভিতৰখন কিবা মোচৰ খাই যোৱা যেন লাগিল। চকুৰে নিগৰি আহিল দুটোপাল তপত চকুলো। তেওঁ তত্ক্ষণাত ফুলৰ দোকানখনলৈ ঘূৰি গল আৰু কিছুসময়ৰ আগতে দি যোৱা ফুলৰ অৰ্ডাৰটো বাতিল কৰিলে। তাৰ পৰিৱৰ্তে তেওঁ এথোপা সতেজ ফুল কিনি ললে আৰু অলপো পলম নকৰি দুশ মাইল আঁতৰত থকা মাকৰ ওচৰলৈ বুলি গাড়ী দৌৰাই দিলে।

................................................
................................................

সাধুটোৰ নীতিকথাঃ জীৱনটো নিচেই ক্ষণস্থায়ী। আপোনাক ভালপোৱা আপোনাৰ প্ৰিয় মানুহবোৰৰ বাবে যিমান পাৰে বেছিকৈ সময় খৰচ কৰক। বহু দেৰি হৈ যোৱাৰ আগতেই তেওঁলোকৰ সৈতে থকা প্ৰতিটো মুহূৰ্ত উপভোগ কৰিবলৈ শিকক। জীৱনত পৰিয়ালতকৈ আৰু কোনো মূল্যৱান বস্তু নাই। এই কথা তেতিয়াহে অনুভৱ হয়, যেতিয়া আপুনি তাক বিচাৰিলেও কাষত পোৱা সম্ভৱ হৈ নুঠে।

(ইণ্টাৰনেটত পঢ়া অনামী লেখকৰ এটা অণুগল্পৰ ভাৱানূদিত ৰূপ)